এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায় (খণ্ড-১৯)

©Admin
0
 ঐ পোৱালি মই সলনি হোৱা নাই তোমাৰ লগতে আছো,,আৰু সদায় থাকিম।বহুত ভাল পাওঁ তোমাক,তোমাক এৰি মই কেনেকৈ থাকিম?"
_________ হমম....মোক এৰি নাযাবা কথা দিয়া
" জীয়া ঐ জীয়া ক্লাছ নকৰ" নেকি? ইমান দেৰি শুই আছ' যে....."
বাহিৰৰ দৰ্জাত কোনোবাই টুকুৰিয়াই মাতি থকা শুনি সাৰ পাই একে জাপে উঠিছো।ফোনটো চালো প্ৰান্তিকৰ কোনো মেচেজ ফোন নাই।তাৰ মানে মই সপোন দেখি আছিলো। তেওঁ মোৰ পৰা আঁতৰি নোযোৱাৰ কথা দিয়া আগতেই সপোন টো ভাঙি থাকিল। বিছনা খনতে অলপ বহি খিৰিকী খন খুলি দিছোঁ।ৰাতিপুৱাৰ বেলিৰ পোহৰ আহি একেবাৰে চকুতে পৰিছেহি।যোৱা ৰাতিৰ কথা বোৰ মনত পৰি আকৌ চকুপানী দুটোপাল ওলাই আহিল। প্ৰান্তিকে আকৌ কথা পাতিম বুলি কৈ কোনো ফোন মেচেজ নকৰিলে।ইয়াত আৰু মই একো বুজিবলৈ নাথাকিল। তেওঁ এতিয়া মাত্ৰ সময় সুবিধা মিলাই নিজৰ দায়িত্ব সামৰিছে।মোৰ অনুভৱ,মোৰ ভালপোৱা তেওঁৰ বাবে এতিয়া একো মূল্য নাই। মই মাত্ৰ তেওঁৰ ওচৰত এতিয়া এটা বোজা হৈ আছো।
______কেনেবাকৈ যদি ৰাতিপুৱা দেখা সপোন টো সঁচা হৈ গ'ল হেঁতেন।
সময়তো চালো ৯ বাজিবৰ হ'ল। আজি ইমান দেৰি শুই আছিলো মই। যোৱা ৰাতি কান্দি কান্দি টোপনি যোৱা এতিয়া চকু- মুখ বোৰ ফুলি আছে। তেনেকৈয়ে ক্লাছ কৰিবলৈ গুছি গ'লো।

              লাহে লাহে দিনৰ পাছত দিন গৈ থাকিল। প্ৰান্তিকৰ অৱহেলা বোৰে মোৰ বাবে বিষাদৰ আগমন ঘটালে। তেওঁৰ মোৰ বাবে হোৱা সময়ৰ অভাৱ বোৰ বাৰুকৈ অনুভৱ কৰিব ল'লো। তেওঁৰ লগত লাহে লাহে মোৰ যোগাযোগ নাইকিয়া হৈ আহিল। সপ্তাহৰ মূৰত কেতিয়াবা এদিন তেওঁৰ লগত কথা পতা হয়। মই নকৰিলে তেওঁৰ মোলৈ ফোন কেতিয়াও আগত নাহে।কবলৈ বহুত কথাই ৰৈ গৈছে মোৰ। ফোনত দুই/ তিনিটা কথা পতাৰ পাছতে হঠাতে ফোন টো কাটি দিয়ে। আৰু মই মুকৱধিৰ মানুহৰ নিচিনাকৈ ৰৈ যাওঁ। তেওঁৰ মন গলে কথা পাতিব আৰু তেওঁৰ মন গলে ফোন টো কাটি শুই যাব। মুঠতে মই এতিয়া এটা পুতলা। অত্যন্ত অজুহাতৰ বাদে তেওঁ এতিয়া মোক আন একো দিব পৰা নাই। ফোনত মই তেওঁক কেতিয়াবা আগৰ কথা বোৰ মনত পেলাওঁ,কিন্তু তেওঁ এটা দীঘল হুমুনিয়া কাঢ়ি কথাবোৰ উৰাই দিয়ে। টোপনি ধৰিছে বুলি শুই যোৱা মানুহ জন ৰাতি ২/৩ টা লৈকে অনলাইন থাকে আৰু মই বিছনা খনত ছটফটাই চকুলো উলিৱাও। সন্দেহ  তেওঁৰ ওপৰত কোনোদিন নাছিল আৰু কৰিম বুলি ভবাও নাছিলো।কিন্তু তেওঁৰ মোৰ পৰা আঁতৰি যোৱাৰ অজুহাত বোৰত সন্দেহ বোৰে যেন নিজে নিজেই ঠাই ললে। নাজানো তেওঁৰ অন্য কোনোবা আছে নে নাই কিন্তু এটা কথা জানিলো মই প্ৰান্তিকক যে মই হেৰুৱাই পেলালো। ইমান দিনৰ মৰম ভালপোৱা বোৰত অজুহাত আৰু সন্দেহে ঠাই পালে। আৰু অজুহাতৰ মাজতে এদিন হঠাৎ প্ৰান্তিকৰ ফোন আহিছিল....
_________ হেল্ল"
কান্দোনত ভগা মাতটোত স্থিৰতা আনি তেওঁৰ লগত কথা পাতিছিলো।
প্ৰান্তিক__________ বহুত দিনৰ পৰা ক'ম ক'ম বুলি ভাবি থকা কথাটো কবলৈ আজি ফোন কৰিলো।

প্ৰান্তিকৰ খিংখিঙিয়া মাত টোৰ লগত অ'তদিনে এডজাষ্ট কৰিবলৈ শিকিলোঁ। সেইকাৰণে এতিয়া তেওঁৰ কথাত কথা মিলাই উত্তৰ দিব পৰা কৈ মই সাজু্।

_________ হমম্ কোৱা
প্ৰান্তিক_________ একচুৱেলী মোৰ তোমাক হাৰ্ট কৰিব মন নাছিল,,,কিন্তু উপায় নাই এতিয়া।তুমি বহুত ভাল ছোৱালী so তুমি যদি বিচৰা অন্য কাৰোবাৰ লগত ৰিলেচনত আহিব পাৰা।মোৰ আপত্তি নাই।
___________ তুমি কি কৈছা এইবোৰ। মই তোমাক এৰি অন্য কাৰোবাৰ কথা ভাবিবই নোৱাৰো। আৰু তুমি এইবোৰ কেনেকৈ কব পাৰিলা?
প্ৰান্তিক_________ sorry জীয়া এইবোৰ মোক কৈ লাভ নাই। মোৰ ওচৰত আৰু উপাই নাই।
_________ মানে তুমি কি কব বিচাৰিছা?
প্ৰান্তিক_________ মানে.... আমাৰ সম্পৰ্কৰ কথা মোৰ ঘৰত গম পালে।ঘৰত আমাৰ সম্পৰ্ক টো মানি লব বিচৰা নাই। তোমাক মোৰ মায়ে accept কৰিব নোৱাৰে। Sorry.

কথাটো শুনি মোৰ মূৰত যেন সৰগ খন ভাগি পৰিল।কি কম তেওঁক ,কি সুধিম ভাবি পোৱা নাই। পাগলৰ নিচিনা হৈ গৈছো মই।

_________ কিন্তু কিয়? কি কৰিলো মই?
এগালমান প্ৰশ্নবোধক।
প্ৰান্তিক_________ কি কিয় এইবোৰ মই নাজানো। পাৰিলে মোক মাফ কৰি দিবা।
কথাবোৰ শুনি যিমানেই দুখ লাগিছে সিমানেই খঙো উঠিছে।ফোন টো কাটি দিব লৈছিল তেওঁ...
_________ ৰ'বা ফোন কাটিব নোৱাৰা তুমি। ইমান সহজতে তুমি মোক এৰা কথা কেনেকৈ ক'ব পাৰিলা।ইমান দিনে তোমাৰ ঘৰৰ মানুহ কত আছিল। ভাল পাওঁতে সুধি নল'লা কিয় ঘৰৰ মানুহক?
প্ৰান্তিক________ sorry
_________ তুমি sorry ক'লেই সব ঠিক হৈ যাব নেকি? মই কেনেকৈ থাকিম তোমাক এৰি। সব টো ঠিকেই আছিল হঠাৎ কি হৈ গল তোমাৰ। যদি মোক এৰিবলৈকে হয় তেতিয়া কিয় আকৌ মোৰ জীৱনলৈ ঘূৰি আহিছিলা? সেই তেতিয়া তুমি মোক লগ পাবলৈ বিচৰা, মোৰ বাবে এটা সময়ত তুমি নিজকে শেষ কৰিবলৈ বিচৰা সেইবোৰ কি আছিল প্ৰান্তিক? তোমাৰ নাটক নে ভালপোৱা? ভাল কিয় পাইছিলা মোক আকৌ? কিয়? কিয়?
প্ৰান্তিক________ মোৰ ভুল হৈ গল।
_______ কি ভুল হল তোমাৰ? মোক ভালপোৱা ভুল হল নেকি? কি কৰা নাছিলো মই তোমাৰ কাৰণে? এটা সময়ত মা দেউতাৰ লগত প্ৰতিবাদ কৰিছিলো আৰু আজি তুমি কি কৰিলা প্ৰান্তিক? মই কেনেকৈ থাকিম ভাবি চোৱা এবাৰ।
প্ৰান্তিক________ মই তোমাৰ নিচিনাকৈ মা দেউতাৰ বিৰুদ্ধে যাব নোৱাৰো।
______ অহ নোৱাৰা!
প্ৰান্তিক________ তাতে আমি বামুন মানুহ, তোমাৰ আৰু মোৰ কাষ্ট লৈ প্ৰবলেম হব।
________ ৱাঁহ আৰু এটা নতুন কাহিনী। কাষ্ট লৈ প্ৰবলেম। আগতে কিয় এইবোৰ ভাবি নাচালা তুমি।তুমি এনেই উচ্চ শিক্ষা লৈ গুৱাহাটীত চাকৰি কৰি আছা প্ৰান্তিক।আধুনিক হৈয়ো তুমি সেই প্ৰাচীন কালতে আছা।এতিয়াও জাতি ভেদ।লাজ লাগিছে আজি নিজৰে। এতিয়া উপাই নাপাই তুমি জাতি ভেদৰ প্ৰাৰ্থক্য আনিব বিচাৰিছা?মোক কিয় শেষ কৰিম বুলি ভাবিলা। ভবা নাছিলো কেতিয়াও তুমি যে মোৰ ভালপোৱাৰ লগত খেলিবা। ঠিক আছে মোক উত্তৰ দিয়া ইমান দিনে মোৰ লগত যি আছিল সেইয়া কি আছিল? কিয় মোক বিচাৰি তুমি ইয়ালৈ আহিছিলা?
প্ৰান্তিক_________ ভাল পাইছিলো তোমাক। সেইবোৰ ভালপোৱাই আছিল কিন্তু মই এতিয়া কি কৰিম? মই মা দেউতাৰ লগত প্ৰেমৰ বাবে কাজিয়া কৰিম নেকি? কাজিয়া নকৰিবা এতিয়া আৰু যি কবলৈ আছিল মই ক'লো। বেয়া নাপাবা মোক।তুমি ভালে থাকা। goodbye জীয়া।

ফোন টো কাটি দিলে।মই বাৰে বাৰে ফোন লগালোঁ কিন্তু তেওঁ ফোন টো অফ কৰি ভালপোৱাৰ এটা ডাঙৰ উপহাৰ দি মোক মাজ ৰাস্তাত এৰি থৈ গুছি গ'ল।

আগলৈ....

📝পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)