হৃদয়ভৰা হাঁহি

তোমাৰ হাঁহিত জোঁৱাৰ উঠে
আকাশে আল্পনা আঁকে আজি
সাতোৰঙী বৰ্ণালীৰ স'তে

ঔফুলীয়া গালত ডালিমগুটীয়া হাঁহি
সূৰ্য্যমুখী ফুলৰ দৰে উৰ্ধমুখী
আলফুলীয়া হৃদয়ত খলকনি

মিচিকনি,খিলখিলিয়া হাঁহিত
ঈশানৰ দিশেৰে জাকি মাৰি
স্তব্ধ মনৰ বন্ধ কোঠাত
বিজুলী বাণ মাৰে আজি

তুমি কোন নাজানো……
তোমাৰ হাঁহি যাদুকৰী……
যাদুকৰী হাঁহিৰে মায়াৱিনী চাৱনি
দুচকু ভৰি নামে প্ৰেমৰ ৰাগিণী ।।

✍️মুন দাস
    ৰৌতা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send