শিক্ষক দিৱস

Rinku Rajowar
0
শিক্ষক সকল আমাৰ চিৰনমস্য
জ্ঞানৰ বন্তি জ্বলাই দিয়ে
পোহৰৰ ৰহস্য...
এই দিনটোতে জন্ম হৈছিল 
বিশ্বৰ মহান ব্যক্তি ৰাজনীতি বিদ, দাৰ্শনিক, 
বিশ্ব বন্দিত পণ্ডিত আমাৰ চিৰনমস্য...
"সৰ্বপল্লী ৰাধাকৃষ্ণণ'' ।
ভাৰতক শক্তিশালী আৰু দৃঢ় কৰাৰ চেষ্টা 
জনগণক সভ্যতা , ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি আপ্লুত কৰি সাহস যোগাই ...
এই মহান শিক্ষাবিদ গৰাকীৰ কৰ্মৰাজিক সুঁৱৰি পালন কৰো শিক্ষক দিৱস টি।

মাদ্ৰাজৰ তিৰুতানি গাঁৱৰ ব্ৰাহ্মণ পৰিয়ালত জন্ম এইজনা মহান ব্যক্তি
দেউতাক বীৰ স্বামী এজন তহচিলদাৰ
তেওঁৰ সন্তান অমায়িক, লাজকুৰীয়া...
লগ- সমনীয়াৰ প্ৰতি নাছিল ভালপোৱা
কিতাপেই আছিল সংগী ।

দৰ্শন শাস্ত্ৰত পাৰ্গত তেওঁ দেশৰ ৰাষ্ট্ৰপতি
ৰাজনীতিৰ প্ৰতি নাছিল লালসা...
দেশৰ প্ৰতিহে আগ্ৰহ জন্মিল ।
1951 চনত হয় উপ ৰাষ্ট্ৰপতি 
1954 চনত লাভ কৰে ভাৰত ৰত্ন উপাধি 
সেয়ে আজিও স্মৰণীয় সৰ্বপল্লী....
সমাজৰ উন্নতিৰ হকে অহোপুৰুষাৰ্থ চেষ্টা 
1962 ত  দেশৰ ৰাষ্ট্ৰপতি ।
জনগণক দিলে বাণী পাৰ্থিব সম্পদ ৰাজনীতি
তাৰোপৰি আছে...
এটি প্ৰয়োজনীয় বস্তু ...
সেইটোৱেই হ'ল   শিক্ষা
শিক্ষা অবিহনে মাগিব লাগিব ভিক্ষা
সেয়ে শিক্ষকসকলক জনাওঁ গভীৰ শ্ৰদ্ধা ।

তেওঁলোক আমাৰ জ্ঞানৰ পোহৰ দিওঁতা 

এই মহান ব্যক্তিজন বিমুখ আছিল
দয়াশীল, নম্ৰ আৰু আত্মপ্ৰশংসাৰ...
সেয়ে আমি শিক্ষকৰ চৰণত
ভক্তিৰ অঞ্জলি যাচোঁ আজিৰ দিনটোত 
তেখেতসকলৰ জীৱনৰ মহৎ গুণবোৰে
আমাক দিয়ে জ্ঞানৰ সঁফুৰা

তেখেত সকল আমাৰ নিৰ্মল আকাশৰ
হৈ থাকক...
জোন, বেলি, তৰা...।

🖋️ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)