এখন মহানাটক আৰু আমি

©Admin
0
এখন নাটকৰ দৃশ্যপট---
সঁচা চৰিত্ৰ, সঁচা অভিনয়
কাহিনী, চিত্ৰনাট্য, সংলাপ, সংগীত
পৰিচালিত হৈছে এজন অদৃশ্য
অথচ মহাশক্তিমান নাট্যকাৰৰ দ্বাৰা ।
প্ৰতিটো দৃশ্যই অভিনীত হৈছে
অখণ্ডিত আৰু অপৰিশোধিত ৰূপত
য'ত নাই দুনাই পৰিবেশনৰ কোনো সুবিধা ।
সকলোৱেই মুখ্যচৰিত্ৰ, মাথোঁ সংলাপ ভিন্ন 
প্ৰেক্ষাপট মাথোঁ এটাই--
ৰংগমঞ্চত উপবিষ্ট নোহোৱালৈকে
অভিনেতা সকলে নিজেই নাজানে
তেওঁলোকৰ সংলাপ অথবা ভূমিকা  ।
ট্ৰেজেডি ভাৱধাৰাৰে কাহিনী ভাগ আগুৱাইছে
এটি কৰুণ আৱহসংগীত অহৰ্নিশে বাজি আছে ।
প্ৰতিটো অংকত সলনি হৈছে
নাটকৰ কাহিনীৰ গতি
কোনেও এতিয়ালৈ নাজানে
নাটকৰ শেষভাগ কি !
মাথোঁ প্ৰতিজনে কৰি গৈছে 
নিখুঁত অভিনয়
জীৱনক উপলব্ধি কৰি
চিঞৰি উঠিছে---
যিকোনো মুহূৰ্তত নিজেই হেৰাই যাব বুলি
ভয়ত বিতত হৈ অস্থিৰ হৈছে, 
কেতিয়াবা কান্দিছে নিৰৱে
কেতিয়াবা হিয়া ঢাকুৰী
আপোনজনক হেৰুৱাই চিৰদিনৰ বাবে ।
নাটকৰ বিষয়টোৱে কৰি তুলিছে
চৰিত্ৰবোৰক সন্দিহান,
কেতিয়াবা অস্পৃশ্য --
সকলোৱে হৈ পৰিছে অৱছেচিভ ।
দুয়ো হাত ৰক্তাক্ত  বুলি বাৰে বাৰে ধুই থকা
চেক্সপীয়েৰৰ "মেকবেথ" নাটকৰ দৰে 
সকলো হৈ পৰিছে যেন সেই 'লেডী মেকবেথ '।
ভি আই পি শাৰীৰ পৰা গেলাৰীলৈকে
এতিয়া আমি সকলো নিঃসহায় নিৰৱ দৰ্শক
আঁৰকাপোৰ নপৰালৈকে 
অন্তিম দৃশ্য চাবলৈ
অপেক্ষা কৰিছোঁ সকলোৱে
মাথোঁ অপলক নেত্ৰে ।

📝ডঃ কুঞ্জলতা গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)