এটা দৈত্য আৰু বুদ্ধিয়ক ল’ৰাজন


এসময়ৰ কথা এখন দেশত অজয় নামৰ এজন বুদ্ধিয়ক ল’ৰা আছিল ৷ ল'ৰাজন যিকোনো সমস্যা নিজৰ বুদ্ধিৰ বলত সমাধান কৰিছিল ৷

এদিনাখনৰ কথা অজয় নগৰলৈ যাবলৈ ওলাইছিল কিন্তু সমস্যাটো হ'ল সি এখন বিশাল অৰণ্যৰ মাজেদি যাব লাগিব গতিকে বাটত ভোক লাগিলে খাবলৈ ৰুতি আৰু নিমখ জলকীয়া লগত লৈ যাত্ৰা আৰম্ভ কৰিলে ৷ কিছুদুৰ যোৱাৰ পাছত অজয় অৰণ্যত প্ৰৱেশ কৰিলে যিহেতু সি এই অৰণ্যৰ মাজেদিয়েই যাত্ৰা কৰিব লাগিব ৷ সি গৈ গৈ গভীৰ অৰণ্যৰ মাজত প্ৰৱেশ কৰিলে ৷ কিছুদুৰ যোৱাৰ পাছত হঠাৎ এটা প্ৰকাণ্ড দৈত্যই তাৰ আগভেটি ধৰিলে সি দৈত্যক দেখি ভয়ত কেইটামান খোজ পাছলৈ গৈ অলপ সাহস গোটাই ওপৰলৈ চাই ক’লে

" হে দৈত্য মহাৰাজ আপোনাক কিদৰে সহায় কৰিব পাৰিম "

দৈত্যই বিকট হাঁহি মাৰি ক’লে 

" হাঁ হাঁ হাঁ মোক সহায় কৰিবি ভাল কথা তেন্তে মই তোক ভক্ষণ কৰি মোৰ পেটৰ ভোক আঁতৰাম সাজো হ "

অজয়ে নিজৰ বুকু ডাঠ কৰি সন্মুখত থকা মৃত্যুৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি তাৰ সমাধান  উলিয়াবলৈ কিছু সময় ভাৱি ক’লে

" ঠিক আছে দৈত্যৰাজ মোক খাব বাৰু কিন্তু তাৰ আগতে মোৰ এটা চৰ্ত আছে "

দৈত্যই ক’লে 

" কি চৰ্ত শীঘ্ৰে ক "

অজয়ে শিলগুটি এটা উঠাই ক’লে 

" আপুনি যদি শিলৰপৰা নিমখ উলিয়াই দিব পাৰে তেন্তে মোক ভক্ষণ কৰিব আৰু যদি এনে কৰিবলৈ সক্ষম হব নোৱাৰে তেন্তে মোক এৰি দিব লাগিব "

দৈত্যই ক’লে

" ঠিক আছে বাৰু চৰ্ত মঞ্জুৰ দিয়া শিলগুটি দিয়া "

দৈত্যই অজয়ে দিয়া শিলগুটি ভাঙি নিমখ উলিয়াব নোৱাৰিলে ৷ এইবাৰ অজয়ে শিলগুটি লৈ দৈত্যৰ দৃষ্টিত নপৰাকৈ লগত লৈ অহা নিমখ লৈ শিলগুটিত সানি লৈ দেখােৱালে দৈত্যই চাই আচৰিত হ'ল আৰু চৰ্ত মতে অজয়ক ভক্ষণ নকৰি তাৰপৰা গুছি গ'ল আৰু এনেদৰে বুদ্ধিৰ বলত অজয়ে নিজকে মৃত্যু মুখৰপৰা ৰক্ষা কৰিলে ৷ আকৌ সি যাত্ৰা আৰম্ভ কৰিলে ৷ 


📝দুলাল ৰবিদাস

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send