দুখন নিপুন হাত
দুখন পুৰঠ হাত
তথাপি দহো আঙুলিৰ
ফাঁকেৰে সৰকি পৰে সময়
কি এই ৰহস্য
কি এই সাঁথৰ
জীৱনে জানে কেৱল সেই কথা
সকলোৰে আৰম্ভণি
আৰু শেষৰ কথা
আমিহে কৌতুহলেৰে চাই ৰওঁ
সাঁথৰ ভাঙিব নোৱাৰি
নিজে নজনাকৈয়ে নিথৰ হও
সৰি পৰা সময়ে
আমাক কৰে পুৰণি
আমাক কৰে অতীত !
📝মামণি ডেকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ