তেজলগা সপোনৰ কথাৰে


             
           উজাগৰী নিশা
কাৰ পদূলিত
সখীয়তীয়ে হৃদয় হেৰুৱাই...

দূৰণিৰ নিঃশব্দতাত
নিজক লীন যোৱাই...

যাযাবৰী কবিৰ
দুই আঙুলিৰ ফাঁকেৰে
সৰকিবলৈ শূন্যতাৰ কবিতা...

ক্ৰন্দনৰতা হৃদয়
নিচুকাই...

এই বাটেৰেই
সখীয়তীজনী
ঢপঢপাই ...

ভগ্ন কলিজাৰ
তেজলগা সপোন কঢ়িয়াই...

✍️ মৰমী মুদৈ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send