এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যয় (খণ্ড-০৪)

©Admin
0
ৰুমলৈ সোমাই গ'লো।পাখি বিছনাৰ ওপৰতে এনেই বাগৰি আছে।তাইক দেখি হাঁহি হে উঠিছে অথনিৰ কথাটো কাৰণে।মই আহিলো বুলি তাই দেখা নাই
বৰষুণত তিতিলো কাৰণে  লাহেকৈ কাপোৰ যোৰ সলাই ল'লো।
পাখি_______ অ আই আহিলা..... সময়তো কিমান হল খবৰ আছে নাই তোমাৰ।
মোক দেখি তাই একেজাপে বিছনাৰ পৰা উঠিছে।
______ হয় আহিলো। একেবাৰে মায়ে সুধা নিচিনাকৈ সুধিছ'!
তাই হাঁহি দিলে। সময়ত চালো ৮ বাজিবৰ হল।
______ কি...... ৮ টা বাজিলে ইমান সোনকালে।
পাখি_______ আৰু কি! আৰু অলপ দেৰি হোৱা হলে গেট মাৰি দিলে হেঁতেন।থাকিলি হেঁতেন তেতিয়া বাহিৰত কান্দি কান্দি। মই টো তোক আনিবলৈ এককদমো ওলাই নগলোঁ হেঁতেন।
________ বাহিৰত থকা হলেও তই মোক এনেও আনিব গ'লি হেঁতেন মই জানো নহয়। আৰু হব এতিয়া ভাওঁনা কৰা নিচিনাকৈ মুখৰ ভাজ দি দি কথা কব নালাগে তই।
গাল খনতে চিকুটি ধৰি তাইক কথা কেইটা ক'লো।
পাখি______ হব ইমান মৰম যে মোৰ কাৰণে কিয় প্ৰান্তিক দাই শিকাই পঠাইছে নেকি? 
_______ যাঃ এইজনী তাইক অলপ মৰম কৰিবও নাপাই। কথা কৈছে চা।
গাৰু এটা তাই গালৈ দলিয়াই মুখ খন বেকা কৰি দিলো মই।
পাখি______ আৰু শুন চোন। তই কি নিজৰ মানুহ জনকো চিনি নাপাৱ নেকি? প্ৰান্তিক দাৰ আগত মই অলপ লাজ পাইছো নে বাৰু?
তাইৰ কথা শুনি হাঁহি ৰখাব নোৱাৰা হলো। খুব জোৰেৰে হাঁহি দিলো।
_______ হব দে একো নহয়। লাজ অলপ পাবই লাগে তই। নহলে তোৰ মুখ খন লাউপাত- কচুপাত।
পাখি______ হুহ। কি কলে প্ৰান্তিক দাই..... তই চাগে বহুত কান্দিলি?
________ কি কব.... ইমান দিনৰ পাছত লগ পাইছো কান্দিমেই আৰু।
পাখি______ জানো নহয় তই কান্দিবি বুলি।
______ হব। হোহ!
এনেকৈয়ে দুই জনী অলপ দেৰি মুখ চুপতি মাৰি থাকিলো।
সঁচাকৈ কোনোবাই এনেই কোৱা নাছিল। এদিন লগ পোৱা মানুহো কেতিয়াবা চিৰযুগমীয়া হয়। পাখিক নো লগ পোৱা কিমান দিন হৈছে আমি দুই জনী যেনেকৈ থাকো কোনোবাই বায়েক ভনীয়েক বুলিয়ে কব। পাখিক পাই মই বহুত সুখী। বয়সত ডাঙৰ যদিও তাই মোৰ লগত লগৰ নিচিনাকৈ থাকে। মোৰ বেয়াতো দেখিলে খং কৰিব, ভাল টো দেখিলে উৎসাহ দিব আকৌ মোৰ অকণমান বেমাৰ হলেও তাইয়ে আগত ধৰিব তাৰ পাছত হে মা দেউতাক খবৰ দিব। তাই থকাৰ পৰা মা দেউতাৰ অভাৱ অনুভৱ কৰিবলৈকে নহয়। সঁচাকৈ ভগৱানে এনেকুৱা বন্ধু সকলোকে দিয়ক।

পাখি_______ টেবুলত সেইটো কি?
______ অহ" প্ৰান্তিক দাই দিছে।
পাখি______ চাওঁ মোকো দেখা আকৌ কি দিছে?
_______ দেখাম ৰ' কি দিছে মইয়েই গম পোৱা নাই এতিয়া লৈকে। আগত ভাত খাই আহি লওঁ ব'ল আৰু কাৰোবাক ক'লি নেকি মই প্ৰান্তিক দাক লগ কৰিলো বুলি নহলে এতিয়া ওলাই যাবলৈ লাজ লাগিব।
পাখি______ হেই নাই কোৱা আৰু গম পালেও একো নহয় লাজ কৰিব নালাগে তই।ব'ল এতিয়া।
________ ওম..

        ভাত খাবলৈ দহ/ পোন্ধৰ মিনিট আগতেই যাওঁ আমি। গোটেই বোৰে কথা পাতি পাতি ভাত খাওঁতে প্ৰায় এক ঘণ্টা মান লাগে। এজনীৰ কথা বন্ধ হলে আকৌ এজনীৰ কথা ওলাই। আগতে কোনোদিন মই হোষ্টেলত থাকি পোৱা নাই। স্কুলত পঢ়ি থাকোতে স্কুল খন দূৰ আছিল কাৰণে দেউতাই হোষ্টেলত থাকি লোৱা কথা কয়। হোষ্টেলৰ নাম শুনিলেই সাত জাপ মাৰো তেতিয়া।মা দেউতাক লগ নাপাম, থাকিবলৈ বেয়া অকলে থাকিব লাগিব আকৌ কাৰোবাৰ মুখেৰে শুনা হোষ্টেলত ভূত ওলাই বুলি এইবোৰৰ কাৰণে আগতে সদাই দেউতাৰ ওচৰত প্ৰতিবাদ কৰো আৰু দেউতাই মোৰ কথা মতেই হোষ্টেলত থাকিবলৈ নিদিলে। তেনেকৈ স্কুলৰ লাইফটো পাৰ হল। কিন্তু এতিয়া সম্পূৰ্ণ ওলোটা হল। এইবাৰ মই প্ৰতিবাদ কৰিও দেউতাৰ ওচৰত জিকিব নোৱাৰিলো আৰু সৰুতে হোষ্টেল লাইফটোৰ বিষয়ে শুনা কথা বোৰো ইয়াত ওলোটা হৈ গল। বিভিন্ন ঠাইৰ লগৰ বোৰ লগ পাই সিহঁতৰ লগত এটা বেলেগ সম্পৰ্ক গঢ় লৈ উঠিল। বহুতো নজনা কথা শিকিলোঁ,সকলোৰে সুখ দুখত সমভাগী হলো আৰু সময়ে মোক  যিকোনো পৰিস্থিতিৰ লগত মিলিবলৈ শিকালে। যদি পাৰ কৰি অহা সময় খিনি মোৰ বাবে তেনেই সাধাৰণ হল হয় তেতিয়া কেতিয়াও মই নিজকে বুজিব নোৱাৰিলো হেঁতেন, কেতিয়াও মই কিছুমান কথা বুজিব নোৱাৰিলো হেঁতেন। এতিয়া মই অলপ স্ত্ৰং হবলৈ শিকিছো। সহজতে ভাগি নপৰো মই। আৰু  আমাৰ এই হোষ্টেলৰ পৰিবেশ টো বহুত ভাল। আন হোষ্টেলৰ নিচিনাকৈ বহুত বেছি শাসনো নাই। হোষ্টেলৰ ৱাৰ্ডেন সকলোৰে লগত সমিল-মিলাই থাকে। ইয়াত থাকি এতিয়া ঘৰলৈ যাবলৈও মন নোযোৱা হল। অকল মোৰ বুলিয়েই নহয় ইয়াত থকা প্ৰতিজনী ছোৱালীয়েই ঘৰলৈ যাবলৈ সোনকালে মন নকৰে।

           ৯.৩০ মান হল। ভাত খাই আহি এতিয়া শুৱাৰ বাহিৰে বেলেগ কাম নাই।পাখি আৰু মোৰ এইকেইদিন পঢ়াও হোৱা নাই। পৰীক্ষাৰ আগত পঢ়িম্ বুলি কৈ থৈ দিছোঁ। তাই বিছনা পাৰিব লৈছে।দিনটো বিচনাতে বাগৰি থাকে কাৰণে তাইৰ বিছনা খন দহ দিন মান নপৰা নিচিনা হৈ থাকে আৰু মই ৰাতিপুৱা শুই উঠি বিছনা যেনেকৈ পাৰি থওঁ তেনেকৈয়ে থাকে।দিনটো শুৱা নহয়েই মোৰ। কেতিয়াবা লগৰ বোৰৰ ৰূমোলৈ গৈ কথা পাতো নহলে খিৰিকী খনৰ ওচৰতে বহি ডায়েৰী লিখি লিখি প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰো।
_______ ৯ বজাত প্ৰান্তিক দাৰ ট্ৰেইন আছিল।এতিয়া লৈ গল চাগে। পাখিৰ ফোনৰ পৰা ফোন এটা কৰিব  লাগিব। তাৰ আগত গিফ্টটো চাই লওঁ কি দিছে।
পাখিৰ বিছনা পাৰি হৈ গল। তাইৰ ওচৰলৈকে লৈ গৈ খুলি চালো।
মোবাইল এটা দিছে। মই আচৰিত।
মই ভাল কৈ খুলি লওঁ মানে পাখিয়ে টান মানি নি চিঞৰিলেই......
পাখি________ o my God......  ফোন দিছে। বাঃ বাঃ ছোৱালী বেলেগ অাৰু।এতিয়া আৰু কোনে পাই।
_________ ৰ'বি চোন।কি যে কাম বোৰ কৰি থাকে নহয় প্ৰান্তিক দাই। মোবাইল টো বাৰু কিয় দিব লাগে?
আকৌ ঘৰত গম পাব এইবাৰ মৰিলোঁ।
পাখি______ ভাল হে!  তোৰ নাই কাৰণে হে দিছে।তাতে তেওঁ গুৱাহাটী গুচি যাব লগো নাপাবি।
________ হলেও আৰু..... মোৰ ভয় লাগিছে এতিয়া ।কি হব ঘৰত গম পালে।
পাখি_______ উফফফফ্.... ঘৰত গম পালে মোৰ এটা আছিল মই দিছোঁ বুলি ক'ম।হ'ল!
_______ ওম,,,, তই আছ কাৰণে হে বাচিছো এতিয়া। নহলে.....?
পাখি_______ হব যা এতিয়া শু গৈ।

     ফোন টোৰ লগত চিম কাৰ্দো দি পঠাইছে । ইমান মোৰ কাৰণে তেওঁৰ চিন্তা। শুবলৈ গৈ ফোন লগালোঁ মোৰ পৰাই।
_______ হেল্ল'
প্ৰান্তিক_______ ওম কোৱা।
_______ নম্বৰ টো ছেভ কৰি থৈছে মানে।
প্ৰান্তিক______ অ' টো! কালি ছিম উলিয়াওঁতেই ছেভ কৰি থলো নম্বৰ। By the way কি কৰিছা এতিয়া?
________ শুই আছো। কি দৰকাৰ আছিল বাৰু আপোনাৰ এনে এনে মোবাইল টো দিবলৈ? আকৌ ঘৰত গম পাই যায় যদি....?
প্ৰান্তিক_______ এতিয়া মানে কি দৰকাৰ হে হল ন'? ঘৰত গম নোপোৱা কৈ ৰখা দায়িত্ব তোমাৰ। ভালকৈ ৰাখিবা আকৌ। নহলে মই দিছোঁ বুলি কৈ দিবা।
_______ মাৰিব মন গৈছে মোক আপুনি দিছে বুলি কৈ? আৰু কওঁক ক'ত পালে গৈ এতিয়া?
প্ৰান্তিক_______ ট্ৰেইন অহা দেৰি হল।ষ্টেচনৰ পৰা অলপ দূৰ আহিছোহে।
_________ ওম কিবা খালে?
প্ৰান্তিক_______ খাই আহিছো। তুমি খালা নাই? 
_______ খালো। তাত সময় মতে খোৱা বোৱা কৰিব আৰু ইণ্টাৰ্ভিও কেতিয়া আছে?
প্ৰান্তিক______ কাইলৈ হোৱা কথা আছে।
______ ওম।
প্ৰান্তিক_______ মোক লগ পালে কিয় কান্দা ইমান? এইবাৰৰ পৰা নাকান্দিবা।
______ হব আপুনিওটো কান্দে।
প্ৰান্তিক_______ কত মই কান্দো? আৰু শুনা ভাল দৰে পঢ়িবা এতিয়া।HS ৰিজাল্ট যি হল হল। ডিগ্ৰী টো ভালকৈ পঢ়িবা।
_______ ওম।
প্ৰান্তিক______ হব শুৱা এতিয়া। ময়ো অলপ আৰাম কৰি লওঁ।
_______ ঠিক আছে। Bye এতিয়া।
প্ৰান্তিক_______ আৰু শুনা ৰাতিপুৱা গৈ পোৱা যদি দেৰি হয় তাত মই একেবাৰে ইণ্টাৰ্ভিউ দি হে তোমাৰ লগত কথা পাতিম। ৰাতিটো ট্ৰেইনত যোৱা ভাগৰো লাগিব একেবাৰে আজৰি হৈ লম।
_______ ওম হব আপুনি যেতিয়াই আজৰি হয় কব মোক। আৰু ভালকৈ দিব পৰীক্ষা।
প্ৰান্তিক_______ okey bye মোৰ পোৱালিজনী। শুই থাকা।
______ ওম bye।

আগলৈ

📝পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)