তুমি বৰ অভিমানী ,
বুজিও নুবুজাৰ অভিনয় কৰা
অভিমানেৰে তুমি মোক দূৰত ৰাখা ;
ভাল পাওঁ বুলি ক'লেও নুবুজা তুমি ।
পাঁচ বছৰীয়া সাঁচতীয়া মৰমক উদঙালেও
কোৱা তুমি কি পাগল নেকি ?
ঠন্ ঠনাই উঠে বুকু ,
সিঁচৰিত বিষাদে ভৰে হিয়া
শিলাকৃতি হৃদয়ৰ গৰাকী যেনেই লাগে তুমি ?
অষ্টম নৱম দশম একাদশ আৰু দ্বাদশৰ যৱনিকাত
হিয়াৰ কোমল দুৱাৰখন খুলি দিলোঁ ;
তুমি সোমাবা বুলি
কিন্তু তুমি সোমোৱাই দিলা বিষাদৰ ভাইৰাছ।
ব্ৰহ্মপুত্ৰত জাঁপ দিওঁ ক'লেও কোৱা
পাগল হৈছা নেকি ?
মৰিব মন গৈছে যদি মৰা
মোক আমনি নকৰিবা ।
ভাবো , জাঁপেই দি দিওঁ ।
কিন্তু ভাবো,
সমাজৰ প্ৰতাৰণাত তুমি যন্ত্ৰণাত ডুবিবা ;
অনুতপ্তত কান্দি ক্লান্ত হ'বা ৷
সেয়ে যন্ত্ৰণাপীড়িত জীৱনক প্ৰাণ দি ৰাখোঁ, তোমাক সুখী কৰাৰ বাসনা ৰচোঁ ।
ভাল পাওঁ তোমাক এবুকু নহয় অসীম ৷
স্বাৰ্থত নহয় , তৃপ্তিত নহয় মাথোঁ মধুৰ সম্পৰ্কত ।
জীৱন থাকে মানে দুৱাৰ খোলা থাকিব,
প্ৰৱেশত তোমাৰ কোনো হেঙাৰ নাথাকিব ।
মাথোঁ তোমালৈ থাকিব স্নেহৰ এখন কোমল বিচনা ।
🖋️মিণ্টু দোলাকাষৰীয়া। ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ