" হে সাতভনী আপোনাক বহুত বহুত ধন্যবাদ মই আজি আপোনাৰ কৃপাতে গাৱঁৰ সবাতোকৈ ধনী ব্যক্তি হবলৈ সক্ষম হ'লো , আপুনি যদি মোক সোণৰ কলহ এট নিদিয়া হ'লে মোৰ ধনী ব্যক্তি হোৱাটো সম্ভৱে নাছিল "
এইবোৰ কথা গছৰ আঁৰৰ পৰা সেই কপটীয়া মানুহজনে শুনি আছিল মানুহজনে সকলো ঘটনা বুজি পাই মণিৰাম যোৱা পাছত এযোৰ পাণ তামোলৰ যোগাৰ কৰি পুনৰ পিঠালি পুখুৰীত উপস্থিত হৈ ক’লে
" হে সাতভনী মোকো সোণৰ কলহ লাগে তাৰ বিনিময়ত মই আপোনাক মোৰ সৰ্বোচ্চ দিবলৈ সাজো "
কৈ লুভীয়া মানুহজন তাতে ৰাতিটো কটোৱাৰ চিন্তা কৰিলে ৷ ঠিক মধ্য ৰাতি সোণবৰনীয়া সৰ্প এডাল আৰু সাতটা সোণৰ কলহ গছৰ গুৰিত আবিৰ্ভাৱ হৈ শাৰী শাৰী কৈ যাবলৈ ধৰিলে এই দৃশ্য দেখি কপটীয়া মানুহজনৰ মনত অধিক লোভ জন্মিল সি ভাৱিলে
" যদি মই কেনেবাকৈ গোটেইকেইটা কলহ লৈ লওঁ তেন্তে ময়ে দেখোন গাৱঁৰ সবাতোকৈ বেছি ধনী ব্যক্তি হৈ যাম কিন্তু কলহকেইটা লওঁবা কেনেকৈ ৷ নাই সাপটোকেই মাৰি পেলাওঁ "
এইবুলি কৈ মানুহজনে এডাল খৰি লৈ সৰ্পটোৰ ওপৰত প্ৰহাৰ কৰা মাত্ৰে সৰ্পটো সোণৰ কলহকেইটা এৰি থৈয়ে অদৃশ্য হ'ল ৷ মানুহজন সাতটা সোণৰ কলহ পাই বৰ সুখী হৈ নিজকে কবলৈ ধৰিলে
" আজি মই গাৱঁৰ আতাইতকৈ ধনী ব্যক্তি আৰু কোনো নাই হাঁ হাঁ হাঁ "
কপটীয়া হাঁহি মাৰি সোণৰ কলহ কেইটা লৈ ঘৰলৈ বুলি খোজ দিলে কিছুদুৰ যোৱাৰ পাছত হঠাৎ সৰ্পটো আবিৰ্ভাৱ হৈ মানুহজনক দংশি দিলে থিতাতে মানুহজনৰ প্ৰাণবায়ু উৰি গ"ল ৷ লগে লগে সোণৰ কলহ আৰু সৰ্পটো অদৃশ্য হ'ল আৰু পুনৰ কোনোদিনেই আবিৰ্ভাৱ নোহোৱা হ'ল ৷ গাৱঁৰ ৰাইজে কপটীয়া মানুহজনক ধনশ্ৰী নৈত উটুৱাই দিলে ৷ এই ঘটনাৰ পিছৰ পৰা আজিলৈকে সৰ্পটো আৰু সোণৰ কলহ পিঠালি পুখুৰীত পুনৰ আবিৰ্ভাৱ নোহোৱা হ'ল কিন্তু গঞা ৰাইজে পূজা অৰ্চনা আগবঢ়াই আছে ৷ বৰ্তমান মানুহ তাত নোযোৱা হ'ল ইয়াৰ কাৰণ হ'ল ভয় কিন্তু চান্দমণি ৰবিদাস নামৰ মহিলা গৰাকীয়ে পিঠালি পুখুৰীৰ চোৱাচিতাৰ দায়িত্ব বহণ কৰি আছে ৷
সমাপ্ত
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ