সম্পৰ্ক

©Admin
0
 এটা শব্দ , এটা চিনাকি মাত্র , আপুনি মোৰ অমুক , মই তাৰ তমুক ইত্যাদি ইত্যাদি আচলতে বাৰু এনেকুৱা নহয়নে কোনো কাৰো নহয় | তেন্তে এই শব্দটোৰ ইমান মধুৰতা কিয় ? ইমান মাধুৰ্যমণ্ডিত শব্দটোৰ মাজত ইমান ফাট মেলে কিয় ? কিয় ইমান কৰ্শক হৈ পৰে ? কিয় নিকপকপিয়া নহয় ? কিয় দণ্ড খৰিয়াল , কাজিয়া পেচাল হনা হনি , ঈৰ্ষা কিয় হয় এই সম্পৰ্কবোৰৰ মাজত |
এটা সময় থাকে তেতিয়ালৈ ঠিকে থাকে | তাৰ পৰবৰ্তী পৰ্যায়লৈ সম্পৰ্ত ফাট মেলে | আমাৰ তেজৰ সম্পৰ্কত এনে হোৱা দেখা যায় | কিন্তু কিয় ? আনৰ কথা বাদ দি থৈ আমি আমাৰ নিজৰ বুলি যাক কওঁ ইয়াৰ মাজত তেনে হোৱা দেখা যায় | মাৰা মাৰি , কটা কটি , বুজা-বুজি নাই | কেনেকৈ কেৱল নিজক শক্তিশালী কৰিব পাৰি , লাগিলে আনক মাৰি কাটি হলেও | যদি তেনেই হয় সম্পৰ্ক লাগে কিয় ? টকাৰ কাৰণে , সম্পত্তিৰ কাৰণে কোনেও কাকো চিনি নাপায় |
নহলে ভায়েকে ককায়েকক ,পত্নীয়ে পতিক হত্যা কৰে | আত্মসাতৰ তাড়নাই মানুহক পশুৰ পৰ্যায়লৈ অৱনমিত কৰিব পাৰে | হিতাহিত জ্ঞান শুন্য হৈ পৰে | তেতিয়া আমাৰ মাজত লুকাই থকা পশু গুণে সাৰ পাই উঠে ? তাত দমন কৰিব নোৱাৰিলেই ৰক্তপাতৰ সম্ভাৱনা প্রকট হৈ পৰে |
     আমি আমাৰ সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে | নিজৰ মাজত দণ্ড খৰিয়াল দেখিলে আনে ভাল পায় | সেই দুৰ্বলতাৰ সুযোগ লৈ সেই সম্পৰ্কত ফাট মেলাবলৈ সোমাই পৰে | আনে কেতিয়াও ভাল উপদেশ নিদিয়ে | বৰং কেনেকৈ অনিষ্ট কৰিব পাৰি , ভাগ ভাগ কৰিব পাৰি তাৰহে চেষ্টাত থাকে | গতিকে তেনে অপতৃণবোৰক কেতিয়াও সেই সুবিধা দিব নালাগে | আমি এইবোৰ কথা অতীতৰ ধৰ্মীয় গ্রন্থ সমূহৰ পৰাও পাই আহিছোঁ | কিন্তু হলে কি হ'ব | আমাৰ চকুৰ আগৰ জ্ঞানৰ পৰ্দা মেল নাখায় | কপটতাৰ বীজে কিলবিলাই থাকিলে সেইটো ক'ৰ পৰা হ'ব | গতিকে এই পৃথিৱীত কোনো কাৰো নহয় | মাথো দুদিনৰ দেখাদেখি | অকলে উলংগ হৈ জন্ম লৈছো , অকলে উলংগ হৈ গুচি যাম মাথো জীয়াই থকা দিনকেইটা এনে আচৰণ | তেন্তে আমি কি শিক্ষাৰে শিক্ষিত হলো ? অবশ্যে বেয়াৰ মাজত ভালো নথকা নহয় | থাকিবই লাগিব নহলে সমাজ নচলিব নহয় | গতিকে আমি আমাৰ মাজৰ সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব | সম্পৰ্কত ফাট মেলিবলৈ , ঘুণে ধৰিবলৈ দিব 
নালাগে | তেজৰ সম্পৰ্ক আৰু গঢ়ি উঠা সম্পৰ্ক একে হ'ব নোৱাৰে | তালৈ আমি মন দিয়া উচিত |

   📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)