ৰেলৱে ট্ৰেকত PUBG খেলি যমপুৰীলৈ যাত্ৰা PUBG (খণ্ড-০৬)

©Admin
0


মহাৰাষ্ট্ৰৰ হিংগোলী জিলাৰ দুজন নৱযুৱকে ৰেলৱে ট্ৰেকত বহি PUBG খেলি আছিল ৷ এইফালে তীব্ৰ গতিৰে ট্ৰেন আহি আছিল কিন্তু ট্ৰেন অহাৰ সংকেত দুয়োজনে গমকে পোৱা নাছিল যিহেতু দুয়ো PUBG গেম খেলাত মগ্ন আছিল ৷

ফলস্বৰূপে দুয়োকে ট্ৰেনে ডোখৰ ডোখৰ কৰি থৈ গ'ল ৷ 

এই হৃদয় স্পৰ্শী ঘটনা স্থানীয় লোকৰ কলিজাত বেয়াকৈ আঘাত হানিলে আৰু দুয়ো নৱযুৱকৰ অবিভাৱকে PUBG কাৰণে নিজৰ পুত্ৰক হেৰুৱাবলগীয়া হ'ল ৷ PUBG যে মাৰাত্মক গেম এই ঘটনাতকৈ আৰু বেলেগ উদাহৰণৰ প্ৰয়োজন নাই ৷ ২০১৭ চনৰ পৰা ২০২০ চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহ এই সময়চোৱাত গোটেই দেশখনতে কিমান যে নৱযুৱকে প্ৰাণ হেৰুৱাই ৷ কিমান যে অবিভাৱকে নিজৰ হিয়াৰ আমঠু যেন পুত্ৰক হেৰুৱাবলগা হ'ল তাৰ কোনো সীমা ৷ সেই সময়চোৱাত দেশৰ ঠাইয়ে ঠাইয়ে কতনা যে কৰুণ ঘটনা সংগঠিত হ'ল তাৰ কোনো হিচাপ নাই ৷ মুঠতে PUBG দেশ সমাজ আৰু মানুহৰ ঘোৰ শত্ৰু গতিকে পুনৰ এনেধৰণৰ গেম আমাৰ মাজত অহাটো কামনা নকৰোঁ ৷ 

মাথোঁ ইমানেই কওঁ ভাৰত চৰকাৰে এইক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি দিয়ে যেন ৷

PUBG আলোচনাৰ আন এটি খণ্ডত আপুনি পঢ়িবলৈ পাব PUBG ৰ কাৰণে ভায়ে ভায়েকৰ হত্যা কৰি পেলালে


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)