Free fire কিদৰে নৱপ্ৰজন্মৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ লৈছে ইয়াৰ উদাহৰণ দিয়াৰ প্ৰয়োজন নাই ৷
এই গেম খেলা সকলে নিজকে বৰবাদ কৰাৰ লগতে নিজৰ ওচৰেপাঁজৰে থকা লোক সকলকো বৰবাদ কৰিছে ৷
PUBG ৰ দৰে Free fire গেমতো বলিয়া হৈ মাত্ৰ আঠবছৰীয়া শিশু এটাও আত্মহত্যা কৰিছে ৷
এই Free fire গেম নৱপ্ৰজন্মই ইমান বেছি খেলিবলৈ ধৰিছে যে দিনৰাতি কোনো চিন নাই ২৪ ঘণ্টাৰ বেছিভাগ সময়ে বন্ধ কোঠাৰ ভিতৰত গেম খেলি সময় নষ্ট কৰিছে ৷ অবিভাৱকে খাবলৈ মাতিলে বৰকৈ খং স্বভাৱ দেখোৱাই ৷ গেমত ইমান মগ্ন যে ওচৰেপাঁজৰে ঘটি থকা ঘটনাও গম নাপায় অনলাইন গেমাৰ সকলে ৷ পুত্ৰ আৰু অবিভাৱকৰ মাজত এক দুৰত্বৰ সৃষ্টি হবলৈ আৰম্ভ হৈছে যাৰ ফলাফল অতি ভয়ংকৰ হব পাৰে ৷ গেম খেলি খেলি নিজৰ ব্যৱহাৰত হিংস্ৰ ভাৱ দেখােৱাইছে শিশু আৰু নৱযুৱক সকলে ৷
আগলৈ
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ