কেতিয়াকৈ লগ পাম তোমালোকক ?

Rinku Rajowar
0
কি এক অভাবনীয় , অকল্পনীয় পৰিবেশৰ মাজত সোমাই পৰিলো  | কোনে ভাবিছিল এদিন আমি সকলোৱে এনেকুৱা মুহুৰ্তৰ সাক্ষী হ'ব লাগিব | দিনটো তোমালোকৰ লগত থাকি সময়খিনি উদযাপন কৰিছিলো | মনটো ব্যাকুল হৈ পৰিছে তোমালোকৰ নিস্পাপ মুখকেইখনি চাবলৈ | কেনেকুৱা যে লাগিছে তোমালোকক চাবলৈ নাপায় | তোমালোকৰ মুখৰ চাৰ চাৰ শব্দটো শুনিবলৈ পোৱা নাই , কিমান বেয়া লাগি আছে সেয়া কেনেকৈ বুজাম | কেতিয়াকৈ লগ পাম বাৰু তোমালোকক ? আকৌ তোমালোকৰ সতে দিনৰ সময়খিনি উপভোগ কৰিম | সকলোৱে মিলি জুলি পুনৰ কিতাপৰ লগত কথা পাতিম | ভগবানে বাৰু কিহৰ পৰীক্ষা ল'ব বিচাৰিছে ? কিয় বাৰু ? আমি কি অপৰাধ কৰিছিলো যে ইমান দিন আমি পৃথকে পৃথকে থাকিব লগা হ'ল | আমাৰ কিমান ক্ষতি হ'ল তাৰ ভাষা নাই | এই ক্ষতি বাৰু আমি কোনদিনা কেনেকৈ পুৰণ কৰিম | কবিয়ে কৈছিল
  যেতিয়াৰ যিটো কাম কৰা তেতিয়াই
পিছলৈ নথবা পেলাই
কৰিম কৰিম বুলি গোহাৰি কৰিলে
কৰিব কি পাৰে কোনোবাই |
কিন্তু পৰিবেশে আমাক এনে কৰিলে আমাৰ বহু কাম পৰি ৰৈ গ'ল | এইবোৰ আমি কেনেকৈ পুৰণ কৰিম ? আমি প্রত্যেকেই আমাৰ আটাইতকৈ ভাল বন্ধুজনৰ পৰা আতৰি আছোঁ | কোন বাৰু সেই বন্ধুজন | অনুমান কৰিব পাৰিছানে ? সেয়া হৈছে আমাৰ টেবুলত সজাই থোৱা , যাক আমি পুৱা গধুলি লিৰিকি বিদাৰি আছিলো সেয়াই আমাৰ পৰম বন্ধু কিতাপ | কেতিয়াকৈ আমি কিতাপৰ স'তে বহিব পাৰিম | ভগবানক প্রাৰ্থনা কৰা যাতে সোনকালে আমাৰ মাজলৈ আকৌ সেই দিনবোৰ ঘুৰি আহক | আমি আকৌ একেলগ হ'ব পাৰো | বিদ্য়ালয়ত লগ লাগিব পাৰো | তোমালোকৰ মুখ কেইখন চাব পাৰো | মোৰ তোমালোকৰ মুখ কেইখন চাবলৈ বৰ মন গৈ আছে | তোমালোক শিশু , তোমালোক নিস্পাপ তোমালকৰ কুলুষ, কালিমা , কপটতা নাই , সেয়েহে তোমালোকৰ প্রাৰ্থনা ভগবানে নিশ্চয় শুনিব | পুৱা গধুলি থাপনাত চাকি জ্বলাই কোৱা হে প্রভু আমাক চাৰ সকলৰ লগত আকৌ লগ হবলৈ দিয়া | বিদ্যালয়লৈ যাবলৈ দিয়া প্রভু | মই ভাবি আছো কেতিয়াকৈ আকৌ শুনিবলৈ পাম ...
  আমি সদাই বিদ্যালয়লৈ পৰিস্কাৰ হৈ আহিম  |
  শিক্ষাগুৰুৱে কোৱা প্রতিটো কথাই মনোযোগেৰে শুনিম | আদি কথাবোৰ তোমালোকৰ মুখেৰে শুনিবলৈ অধিৰ হৈ পৰিছো | আজি সুদীৰ্ঘ ছয় মাহ আমি পৰস্পৰে পৰস্পৰৰ পৰা বিৰত আছো | তোমালোকৰ বেয়া লগা নাইনে বাৰু ? মোৰ দৰে তোমালোকৰো বেয়া লাগিছে নিশ্চয় | আজি আমি চাৰ সকল বিদ্যালয়লৈ গৈছিলো কিন্তু উকা উকা লাগিছে , য'ত তোমালোক নাই তাত আমাৰ কি কাম থাকিব পাৰে | তোমালোক নহলে বিদ্যালয কেনেকৈ সুন্দৰ হ'ব | তোমালোকক লাগিবই | তাৰবাবে পৰিস্থিতি অনুকুল হ'ব লাগিব | কি এক মহামাৰীয়ে আমাৰ সকলোৰে জীৱন তচনচ কৰি পেলালে | যাক লৈ সমগ্র বিশ্ব আজিৰ দিনটোলৈ কম্পিত | কোনেও একো কৰিব পৰা নাই | বিজ্ঞানেও য'ত হাৰ মানিছে | আজিলৈ উদ্ভাৱন কৰিব পৰা নাই ইয়াৰ প্রতিকাৰৰ উপায় | কেৱল সাৱধানতা, আৰু সাৱধানতা , তথাপি কমা নাই ইয়াৰ বিভীষিকা আৰু কিমান দিনলৈ সহিব লাগিব এইবোৰ | কেতিয়াকৈ আমাৰ মাজলৈ সুদিন আহিব | বিজ্ঞ সকলে কয় ৰাতি যিমানেই গভীৰ হয় প্রভাতো সিমানেই মধুৰ হয় | আমিও আগ্রহেৰে বাট চাই আছো সেই প্রভাত আমাৰ মাজলৈ সু দিন সোনকালেই আহিব | কেতিয়াকৈ লগ পাম তোমালোকক ?

   ✒️  হেমেন হাজৰিকা  |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)