আমাৰ জগত গুৰু শ্রীমন্ত শংকৰদেৱ

©Admin
0

  ড" ভূপেন হাজৰিকাই গাইছিল....সুদূৰ কাণ্যকুব্জৰে পৰা বাৰভূঞা আহিছিলে ।সেই বংশত শংকৰদেৱ ইয়াতেই জনমিলে ।
      মাক আছিল সত্যসন্ধ্যা পিতা কুসুম্বৰ , বৰদোৱাতে জন্ম হৈছিল শ্রীমন্ত শংকৰ ।
  পোন্ধৰ শতিকাৰ চতুৰ্থ দশকৰ অন্তিম ক্ষণত অসম মাতৃয়ে এনে এজন ক্ষণজন্মা সন্তান প্রসৱ কৰিছিল যিয়ে জাতিৰ অস্তিত্ব বিপন্ন হোৱাৰ পৰা ৰক্ষা কৰিছিল।
   সৰুতে মাক দেউতাক দুয়োকে হেৰুৱাই শিশু শংকৰে শৈশৱ অতিবাহিত কৰিব লগা হৈছিল বুঢ়ীমাক আই খেৰসুতীৰ তত্বাৱধানত ।
বাৰ ( ১২) বছৰ বয়সলৈকে বিদ্যালয়ৰ মজিয়া গচকি নোপোৱা শিশু শংকৰে ধিতিঙালি কৰি ঘূৰি ফুৰা দেখি খং কৰি বুঢ়ীমাক খেৰসুতীয়ে কৈছিল তই বংশৰ চাকি নুমুৱালি , ভাল আমৰ পুলি হৈ বকৰাণীত গজিলি। শংকৰ বাৰু বকৰাণীত গজা আমৰ পুলি আছিলনে ? তেতিয়া যিহেতু গুৰুকুলীয়া শিক্ষা ব্যৱস্থা আছিল সেয়েহে এদিন আই খেৰসুতীয়ে শিশু শংকৰক শিক্ষা আৰম্ভৰ আঁৰ কাপোৰ টানি মাধৱ কন্দলীৰ টোলত নাম লগাই দিলে  ।
    আন আন ছাত্ৰসকলৰ লগত শংকৰেও তেখেতৰ শিক্ষা জীৱনৰ পাতনি মেলিলে । লাহে লাহে শংকৰে বৰ্ণমালাৰ লগত পৰিচয় হ'ল ।
গুৰু কন্দলীয়ে দুপটীয়া মূলাটো চিনি পাইছিল ।কাৰণ এটা প্রবচন আছে নহয় যি মূলা বাঢ়ে তাৰ দুপাততে চিন ।
এদিন শংকৰে কোনো স্বৰচিহ্ন নথকা এটা কবিতা ৰচনা কৰি গুৰু কন্দলীক দেখুৱাইছিল ।
কবিতাটো পঢ়ি গুৰু কন্দলী অভিভূত হোৱাই নহয় আচৰিতো হৈছিল ;য'ত শংকৰে ভগৱান শ্রীকৃষ্ণৰ গুণানুকীৰ্তন কৰিছিল ।
 কৰতল কমল কমদল নয়ন
  ভৱদৱ দহন গহন বন শয়ন
  নপৰ নপৰ পৰ সতৰত গময় সভয় মভয়ভয় মমহৰ সততয়
কবিতা পঢ়ি উঠি গুৰু কন্দলীয়ে শংকৰৰ নামৰ পিছত দেৱ লগাই দিলে তেতিয়াৰ পৰাই শংকৰ গুচি শংকৰদেৱ হ'ল ।
  শংকৰৰ গাত যে ভগৱানৰ কিবা অংশ আছিল সেয়া গুৰুৱে দেখিছিল ।এদিন শংকৰে জিৰণি লৈ থাকোতে মুখত সূৰ্যৰ কিৰণ পৰাত সৰ্প আহি ফণাধৰি সুখ নিদ্রা যোৱাত সহায় কৰিছিল । শংকৰৰ গাত দেখা লক্ষণ সমূহৰ পৰাই বুজা গৈছিল এই শিশুটোৱে এদিন নিজে উজলি উঠাৰ লগতে জগতকো উজ্বলাই তুলিব ।
    জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আটাইকে একতাৰ ডোলেৰে বান্ধি আধুনিক অসমীয়া জাতিৰ ভেটি  প্রতিষ্ঠা কৰি থৈ যোৱা শিৰোমণি আছিল শংকৰদেৱ । একেধাৰে কবি , গায়ক , শিল্পী , বাদক , নৃত্যবিশাৰদ , চিত্ৰকাৰ , নাট্যকাৰ , চিন্তা নায়ক আৰ দ্রষ্টাপুৰুষ আছিল শংকৰদেৱ। সহানুভুতি , দয়া , ক্ষমা , উদাৰতা আদি গুণেৰে তেওঁ বিভূষিত আছিল ।
    এগৰাকী পৰম পুৰুষৰ সেৱাত অমৃত বাণীৰে তেখেতে এখন বিভেদ আৰু বৈষম্যহীন সমাজৰ সুসংগঠন কৰিছিল ।
মহাপুৰুষৰ সুন্দৰ নীতি , সুন্দৰ ধৰ্ম প্রচাৰ কৰি আমাৰ অসমখন গঢ়িছিল।অসমীয়া জাতিৰ শৰীৰত মহাশক্তি দি থৈ গৈছিল ।
শ্রীমন্ত শংকৰদেৱে প্রচাৰ কৰা ভক্তিধৰ্ম সাৰ্বজনীন , এই ধৰ্মত সকলোৰে সমান অধিকাৰ। অহিংসাৰ ওপৰত এই ধৰ্ম প্রতিষ্ঠিত ।
শংকৰদেৱৰ ভক্তিধৰ্মত ন বিধ ভক্তিৰ মাজত শ্রৱণ কীৰ্তনক মুখ্য স্থান দিয়া হৈছে ।শংকৰ এগৰাকী অপ্রমাদী পণ্ডিত হৈ উঠে ।
শিক্ষাগুৰুৰ টোলৰ পৰা ঘূৰি অহাৰ পিছত বুঢ়ীমাক আৰু ইষ্ট মিত্ৰ সকলোৱে বাৰভূঞাৰ শাসনভাৰ শংকৰৰ ওপৰত ন্যস্ত কৰে আৰু তেওঁৰ বিয়া পাতি দিয়ে ।
শংকৰদেৱ যেতিয়া ধোৱাহাটত আছিল তেতিয়া হৰিনামৰ ধ্বনি গগণ স্পৰ্শী হৈ উঠে আৰু তাত মহাপুৰুষৰ প্রধান শিষ্য মাধৱদেৱে ভক্ত সঙ্গত যোগ দিয়ে।ইফালে নিজৰ মান ভঙ্গ হোৱা আৰু জীৱিকাৰ পথত ব্যাঘাত হোৱা বুলি পুৰোহিত শ্রেণীটোৱে শংকৰদেৱৰ পন্থাৰ বিৰুদ্ধে ৰজাঘৰত গোচৰ দিয়ে | কিন্তু ৰজাঘৰীয়া গোচৰত শ্রীমন্ত শংকৰদেৱ জয়ী হয় | কাৰোবাৰ লগনীয়া কথাত বাৰভূঞা সকলক হাতীৰ খেদা চিকাৰত নিয়োগ কৰে আৰু তেওঁলোকৰ পালিয়েই হাতীভগা বাবে মাধৱদেৱ আৰু শঙ্কৰদেৱৰ জোঁৱাই হৰি ভূঞাক ৰাজধানীলৈ ধৰাই নিয়ে | 
অসমীয়াক জাতিক এক উচ্চ আসনত প্রতিষ্ঠা কৰি সকলোকে একতাৰ ডোলেৰে বান্ধি  গুৰুজনাই ১১৯ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে |

✒️হেমেন হাজৰিকা
       মিৰ্জা
  কামৰূপ অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)