সপোনবোৰ এনেকৈয়ে ভাগে নে?

©Admin
0

আজি বহুদিনৰ মূৰত তই আৰু মই এনেকৈ মুকলি আকাশৰ তলত মুকলি ভাৱে কথা পাতিছো নহয় নে ৰাজ।দ্বীপে ৰাজক ক'লে(দ্বীপ আৰু ৰাজ নলে-গলে লগা বন্ধু সিহঁত দুয়োটা প্ৰায়েই একেলগে থাকে।কিন্তু ৰাজৰ লগত নভবাকৈয়ে এটা আকস্মিক ঘটনা ঘটি গ'ল)দ্বীপৰ কথা শুনি ৰাজে দ্বীপক ক'লে__তই ঠিকেই কৈছ দ্বীপ ।আচলতে কি জান,কিছুমান সপোন ভাঙি গ'লে আৰু কিছুমান আপোন মানুহ কাষৰ পৰা হঠাৎ হেৰাই গ'লে জীয়াই থাকিবলৈ বৰ কষ্ট হয় অ' আৰু মনবোৰ খেলি-মেলি হৈ পৰে।আপোন আৰু সপোন কেতিয়া হেৰাই যায় কেতিয়া ভাগি যায় কোনেও ক'ব নোৱাৰে; স্বয়ং ভগৱানৰ বাহিৰে।কাৰ জীৱনলৈ কেতিয়া অমানিশা নামি আহে ধৰিবই নোৱাৰি।ৰাজৰ কথা শুনি দ্বীপে ৰাজক ক'লে।
তথাপিও মোৰ জীৱনলৈ  বৰ বেয়াকৈ অমানিশা নামি আহিল অ',ঠিক অমানিশা বুলি ক'ব নোৱাৰি ঘোৰ অমানিশা ; চাৰিও ফালে মাথো অন্ধকাৰে আৱৰা পোহৰ বিচাৰি নোপোৱা।নিষ্ঠুৰ নিয়তিয়ে মোৰ সকলো কাঢ়ি লৈ গ'ল।দুখ নকৰিবি দে ৰাজ সপোন বোৰ এনেকৈয়ে ভাগে।যাক তই কাষত পোৱাৰ পাছতো আপোন কৰিব নোৱাৰ আৰু যাক তই কল্পনাও কৰিব নোখোজ , মানুহৰ জীৱনত সেইটোৱেই হয়।চাবি তোৰ জীৱনলৈও এদিন সুখ আৰু সমৃদ্ধি ঘূৰি আহিব।সাতোৰঙী ৰামধেনুয়ে তোৰ জীৱনটো ৰঙীণ কৰি তুলিব আৰু তেতিয়া,তেতিয়া তই মোক ক'বি ৰাজ,চা দ্বীপ আজি মই সুখী মোৰ সমান সুখী হয়টো কোনো নাই। এইয়া মোৰ আস্থা আৰু বিশ্বাস।ৰাজৰ সেমেকা কথাবোৰ শুনি দ্বীপে ৰাজক এনেদৰে কৈ সান্তনা দিলে।(আচলতে ৬মাহ পূৰ্বে ৰাজে নিজতকৈও আপোন আৰু বিশ্বাস কৰা ৰাজৰ বৰ মৰমৰ পত্নী অনামিকাই এক অচিন ৰোগত মৃত্যুক সাৱতি ল'লে যাৰ কোনো চিকিৎসা নাছিলে।যিটো ৰাজে কেতিয়াও কল্পনাও কৰা নাছিল,অজস্ৰ  টকা-পইছা খৰচ কৰিও ৰাজে তাৰ মৰম,অনামিকাক মৃত্যুৰ দুৱাৰৰ পৰা ঘূৰাই আনিব নোৱাৰিলে।সেইবাবে আজি ৰাজ নিঠৰুৱা।)

          সমাপ্ত

📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)