মোৰ বাবে তেওঁ এটি আৱেগ

©Admin
0
মুখত পুৰণি হাঁহি
সাঁচতীয়া জীৱনটো সামৰি
হাতত দায়িত্ববোধৰ জুমুঠি।
কেতিয়াবা যদি অত্যাৱশ্যকীয় হৃদস্পন্দন,
কেতিয়াবা মোৰ বাবে তেওঁ এটি আৱেগ।।

অনুভৱৰ দলিচাত
এটি মিঠা সপোন;
বাস্তৱতাৰ জন অৰণ্যত
এটি মিঠা সুৰ।
আৰু মোৰ বাবে তেওঁ এটি আৱেগ।।

কেতিয়াবা যদি জীৱন যাত্ৰাৰ নাৱিক,
কেতিয়াবা আকৌ জীৱন যুঁজাৰু।।
আৰু মোৰ বাবে তেওঁ এটি আৱেগ।।

🖊️ প্ৰজ্ঞা দেৱী ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)