আহিন মানে পথাৰৰ প্ৰচুৰ সম্ভাৱনাময় এটি ঠিকনা।আহিন মানেই কৃষকৰ মুখৰ প্ৰস্ফূটিত হাঁহি।আহিন মানেই পিতাইৰ পথাৰৰ নদন বদন সপোন।আহিনৰ ৰিব্ ৰিব্ বতাহত ধান পাতে-পাতে কিনো কথা পাতে,গুপনে গুপনে কিনো সপোন ৰচে?পথাৰৰ বঁকিয়াত বহি এহাল এন্দুৰে গুপনে দৈনিক বছেৰেকৰ সপোন ৰছে।আহিন মানেই যেন সেউজীয়া পথাৰ।আহিন মানেই গেঁৰধৰা ধানৰ কঁকাল ভঙা নাছোন।আহিন মানেই কৃষকৰ মুখত তৃপ্তিৰ প্ৰসন্নতাৰে বিৰিঙাই বুকু জুৰ পেলোৱা হাঁহি।আহিন মানেই কুঁৱলীৰ টুপ টুপ নিয়ৰ।আহিন মানেই কুঁৱলীৰ শুভ্ৰ আস্বাদন ফালি উলাই অহা এচেৰেঙা ৰ'দৰ ৰ'দালি।
আহিন মানেই শৰৎ বন্দনা এটি ঋতু।শাৰদী কোমল জোনাক।শাৰদী ঋতুৱে ধৰাৰ বুকুলৈ কঢ়িয়াই অানে সৃষ্টি,প্ৰেম,সম্প্ৰীতি আৰু সম্ভাৱনাৰ এটি শুভ্ৰ বতৰা।এই ঋতুতেই মা দেৱী দুৰ্গাক বিশ্বৰ বিভিন্ন প্ৰান্তত আৰাধনা কৰা হয়।ই এক শাৰদী উৎসৱ।সকলোৰে মন পুলকিত কৰি তোলে পলকতে।বুকুত ফুলি উঠে ভালপোৱাৰ অযুত কৃষ্ণচূড়া।
আহিন মানেই শৰৎ।শৰৎ আহে কুঁৱলিৰ ফাঁকেৰে বছৰে বছৰে লাজুকি চাৱনিৰে নিয়ৰৰ ওৰণি টানি আহিনৰ আঁৰ লৈ সংগোপনে।শেৱালীৰ সুবাসৰ সু-বতৰা লৈ আহিনৰ পিছ লয় শৰৎ।শৰৎ মানেই যেন তলসৰা শেৱালী আৰু এসাগৰ দুবৰিৰ দলিছাত নিয়ৰৰ টোপাল টোপাল মুকুতাৰ হাঁহি।শৰৎ মানেই শেৱালীৰ আমোলমোল গোন্ধ।গোন্ধে সুবাসিত কৰা চৌপাশ।স্নিগ্ধ জোনাক নিশা শেৱালীৰ সুবাসত পিৰালিত বহি আইতাৰ সাধু কথা শুনাৰ সময়।শৰতৰ শেৱালী আৰু তলসৰা নিয়ৰকনাই
স্নিগ্ধ পুৱাই সপোনৰ মালা গাঁথে।প্ৰকৃতিয়ে পিন্ধি লয় শৰতৰ সাজ।শৰতৰ সাজে ধৰণী ধুনীয়া কৰে।
শৰতৰ মোহনীয়তাই প্ৰতিজনৰ হিয়া মন জুৰায়।শৰৎ মানেই শুভ্ৰ জোনাক আৰু মুখৰ এমুকোৰা মৌ মিঠা হাঁহি।বৰ লুইতৰ চাপৰিত ফুলি উঠা কহুুঁৱা বিৰিণাই উতলা কৰা মন। কহুঁৱানিডৰাত বালীমাহীজাকে প্ৰান ঢালি নাছে। শুকুলা কহুঁৱা মেঘ। মেঘমুক্ত নীলিম নিৰ্মল আকাশ।ই এক মতলীয়া জোনাক।
🖋️ উত্তম লইং
আহিন মানেই কুৱলীৰ লুকা-ভাকু, আহিন মানেই কৃষকৰ কষ্টবোৰ সাৰ্থক হোৱাৰ ক্ষণ। আহিনৰ বুকুতেই লুকাই থাকে প্ৰিয়জনক লগ পোৱাৰ হেপাহঁৰ অনুৰণ। ����
ReplyDelete