অনুতাপ-০৮ (ধাৰাবাহিক উপন্যাস)

0
কিমান কষ্টেৰে দ্ধীপে ঘৰখনক ঘৰ ৰূপ দিছিল। জীৱনৰ কাৰণে কিমান সংগ্ৰাম কৰিব লগা হৈছিল।ৰোগীয়া পিতৃৰ সতে যুঁজি যুঁজি দ্ধীপ দুৰ্বল হৈ পৰিছিল ইফালে সিওটো এটা লৰাহে।সি ইমানেই কষ্ট কৰিলে যে কম সময়তে মাক-দেউতাক আৰু ভনীয়েকহঁতৰ মুখৰ হাঁহি ঘূৰাই আনিবলৈ সক্ষম হ'ল। জীৱনৰ ভগা ডেউকা খন নতুনকৈ গজিল। আকাশৰ সীমনাৰ আঁৰত থকা সৌ সেউজীয়া পথাৰখন সোণালীলৈ পৰিৱৰ্তন হৈছে। হেঁপাহত আইয়ে ঔটেঙাৰ লগত মাছ ৰান্ধিছে। জোনাকত বৰষুণ পৰিছে কিবা চিক্ মিকনি। ৰাতিপুৱা এগালমান শৰৎৰ শুভ্ৰ শেৱালী।ষ্ট্ৰীট লাইটৰ পোহৰত দেখিছোঁ সৌজন কোনোবা প্ৰায় ২০ বছৰীয়া সুদৰ্শন যুৱক।হাতত এটা মোবাইল ফোন লৈ দলঙত বহি আছে মনে মনে। তথাপিও তেওঁৰ মুখত প্ৰাপ্তিৰ ভাব।সুখে বিৰিঙা চকুৰ পতা। তেওঁৰ চকুত প্ৰাপ্তিৰ প্ৰগলভ। তেওঁ জনে মনে মনে গভীৰ চিন্তাত কাৰোবাৰ বাবে প্ৰাৰ্থনা কৰিছে। মই একেথৰে চাই আছিলো। অৱশেষত তেওঁজন গলগৈ অন্ধকাৰৰ লিক্ লিকীয়া বাটেৰে।
          শুব পৰা নাই। টোপনি ধৰিছে বহুত যদিও মেল খাই পৰিছে চকু নিজে নিজে। দেউতাই সাজি দিয়া বাঁহৰ চাংখন আজি নাই। চুই চাইছ দ্ধীপে সুগন্ধি কাঠেৰে সজা দামীয়া বক্স বিচনাখন।আজি সি বাৰে বাৰে চাব খোজিছে আকাশৰ তৰা কিন্তু দেখা নাই কিহবাই যেন ঢাকি সলনি সি দেখিলে এখন সুন্দৰ পাখি লগা ফেন।সি কাষৰ ৰূমত গৈ জুমি চাই দেখে আটাইকেইজনে সুন্দৰকৈ শুই আছে।তাৰ মনটো ভাল লাগি গ'ল।সিও শুবলৈ যত্ন কৰিলে । অৱশেষত তাৰ টোপনি আহিল।

🖋️পংখী মৰাণ
  তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)