তুমি

তুমি নাথাকিলে মোৰ হৃদয়ৰ ৰঙা পৃথিৱীখন নগ্ন হৈ পৰে ।

তুমি নাথাকিলে মোৰ গীতৰ সুৰবোৰ নহয় ৰসাল, শব্দবোৰ নহয় অৰ্থপূৰ্ণ।

 তুমি নাথাকিলে মোৰ কথাৰ শব্দবোৰ গঢ়িন গম্ভিৰ নহয়?

হাজাৰ বিষাদে মোৰ জীৱন হাহাকাৰ কৰিবলে ধৰে  ।

ৰং হাঁহি ধেমালিয়ে পাৰ হোৱা দিনবোৰ স্মৃতি হৈ পৰে অনাগত দিনত অপেক্ষাবোৰ মধুৰ হৈ পৰে ।

হাজাৰ আশাবোৰ সপোন হৈ থাকে, তুমি নাথকিলে, তুমি নাথাকিলে।

                ✒️ শ্ৰী উৎপল দাস 
        বোকাখাত কুৰুৱাবাহী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send