ক্ৰোধ

এলাগী হৈ যোৱা এহাল দম্পত্তি বিৰহ

ঐ বপাই তই আমাক কত এৰি গলি অ
গোৰ মাৰি গঙাত পেলোৱা দৰে
দিনক দিনে বিষুব্ধ হৈ পৰিছে আকাশ 
নাই কোনো আহাৰ চুপি খাব!

ঐ তই এবাৰ চম্পা ধুনীয়া মাক মনত পেলাব নোৱাৰনে?
পাহৰিলি তোক যে কিমান কষ্টত ডাঙৰ কৰিলোঁ।

কত কত কত 
কাৰ পিয়াঁহত এনে কৰিলি আমাক এৰি 
তোক নকৰক আমাৰ নিচিনা।

হেৰা -☺️খামুচি ধৰা দৃঢ়তাৰে
ভৰিৰ তলৰ মাটি
কি আছিল কি হৈছে আমাৰ কপালত 
আছেনে ভালপোৱা তাত,

জীৱনৰ আবেলি বেলিকা নামো নামো
বৃদ্ধ পুৰুষে পাত লুটিয়াই
দেহৰ ছাল সুতুৰা সুটোৰ
শিৰা বোৰ কুৎসিত
সেইবাবে আমি এলাগী । 

যা বোপাই নমৰা লৈ আছোঁ
নোৱাৰালৈ নেৰোঁ
তোক মনত নেপেলাও
ভাৱনা বোৰে হে কামুৰি মাৰে 
অতীতৰ সৌধ।

এতিয়া তোমাক উচৰ্গা 
অৰ্ধাংগিনী আশ্ৰযত
এধানি জীয়াবলৈ দিয়া তোমাৰ আত্মাক 
ক্লান্ত থাকক স্পিহা!

ভাবি চোৱা নাই 
মোৰ হাতত তোৰ মা বুজা 
দপদপ কৈ যাও
ইমূৰৰ পৰা সিমূৰ কঁপনি উঠে উপকন্ঠ ত
আৰু ৰুদ্ধ হব ধৰে যাত্রা-----------😢

তুমি মৌন হোৱা 
মই বহন কৰিব পাৰিম বুজা
অথচ সুখত থাকে 
আৰু কামিহাড় বোৰ ভাঙিব ধৰিলে 
সুৰৰ ঝংকাৰ বব এৰি অহা 
বোৰক লয় অক্ষমতে ।

🖍️দীপজ্যোতি
               মৰিগাঁও, অসম

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send