প্ৰাথমিক শিক্ষাই হল জীৱন গঢ়াৰ মূল ভেঁটি

©Admin
0
এটি শিশু জন্ম হোৱাৰ পৰা কথা ক'ব পৰা হোৱাত মা- দেউতাক আৰু পৰিয়ালৰ সদস্যৰ পৰা নানা ধৰণৰ কথা শিকে। তেতিয়াৰ পৰা এটি শিশুৰ আৰম্ভ হয় শৈশৱ কাল । যিটো সময়ত শিশু এটিয়ে  খোজ কঢ়া, কথা কোৱা, নিজক আনৰ সৈতে তুলনা কৰা ইত্যাদি কিছু কথা আয়ত্ত কৰিব পৰা হয়। এই শৈশৱৰ সময়চোৱাত শিশুৰ আৰম্ভ হৈ জীৱনৰ  প্রথমটি আনুষ্ঠানিক শিক্ষা, যাক কোৱা হয় প্ৰাথমিক শিক্ষা। প্ৰাথমিক শিক্ষাক কোৱা হয় জীৱন গঢ়াৰ  মূল গাঠনি স্বৰূপ বা মূল ভেঁটি স্বৰূপ। কিয়নো এই প্ৰাথমিক  পৰ্যায়তে থাকে পাঁচটা শ্ৰেণী আৰু পাঁচটা শ্ৰেণীত শিকা হয় এটি শিশুক একাদিক্ৰমে কথা কোৱাৰ পৰা আৰম্ভ কৰি ক, খ, ১,২, a, b, c, d 1,2..... ইয়াৰ  উপৰিও নেওতা গোৱা বা মুখস্থ কৰা পদ্ধতি, বহীত আখৰ লিখা সময়ত পেঞ্চিল বা কলম ধৰা পদ্ধতি আৰু লগতে শব্দ  গাঠনি কৰি বাক্য সাজি লিখোৱা, এখন কিতাপ পঢ়ি তাৰ জ্ঞান কেনেকৈ ল'ব পাৰি ইত্যাদি, যাৰ সৈতে এজন শিশুৱে ৰচিব পাৰে জ্ঞানৰ অনেক কথা। ইয়াতে ক'ব  পাৰো যে, প্ৰাথমিক শিক্ষা মজবুত নহ'লে পিছৰ শিক্ষা মজবুত হোৱাটো বৰ কঠিন। প্ৰাথমিক শিক্ষাই কেৱল জীৱন গঢ়াতে সীমাহীন নহয়৷ ই সমাজ গঠন আৰু সমাজ সংস্কাৰৰ ক্ষেত্রতো ইয়াৰ অৰিহণা আছে৷ আমি স্পষ্টভাৱে ক'ব পাৰো যে এই পৃথিৱীত অনেক মানুহ আহে আৰু যায়, হয়তো সকলোৰে বাবে উচ্চ শিক্ষাৰ ভাগ্য নহ'বও পাৰে কিন্তু প্ৰাথমিক শিক্ষাৰ ভাগ্য সৰহ সংখ্যক লোকৰে হয়। এই শিক্ষা গ্রহণ কৰি মানুহে নিজৰ জীৱনত সৰু-সুৰা ভুল সমূহ শুধৰণি কৰিব পাৰে। এনে এচাম মানুহে নিজৰ সৈতে সমাজতো শুধৰণি বা সংস্কাৰ আনিব পাৰিছে।

প্ৰাথমিক পৰ্যায়ৰ শিক্ষাগুৰু সকলোৱে এই কণ-কণ ছাত্র-ছাত্রী সকলক নিজৰ ঘৰৰ সন্তানৰ হিচাপে লৈ পাঠদান কৰায়। কাৰণ প্ৰাথমিক পৰ্যায়ৰ ছাত্র-ছাত্রী সকল বৰ কোমলীয়া মনৰ হয়। তেওঁলোকে ৰঙীন চঞ্চল মনেৰে যিকোনো শিক্ষা আয়ত্ত অতি সোনকালে কৰিব পাৰে। এই সময়চোৱাত তেওঁলোকৰ স্মৃতি শক্তিও অধিক  সতেজ হৈ থাকে। কিয়নো সময়চোৱাই হৈছে সকলো মানৱ জীৱনৰ মূলধন সময়। কেৱল মাত্র প্ৰাথমিক শিক্ষা কাৰণে এই সময়চোৱা মূল্যৱান বুলি ক'লে ভুল হ'ব। আমাৰ অসমীয়া সমাজৰ এক কথন আছে "যি মুলা বাঢ়ে  তাৰ দুপাততে  চিন"। এই কথনৰ  পৰা ক'ব পাৰি যে যি শিশু যিটো কামৰ প্ৰতি প্ৰতিভা আছে তাৰ লক্ষণবোৰ এই শৈশৱ কালৰ সময়তে দেখা পোৱা যায়। সেইমতে শিশু সকলে নিজৰ নিজৰ প্ৰতিভা দিশে ঢাল মেলিব ধৰে। শেষত তেওঁলোকে ব্যক্তিগতভাৱে থকা প্ৰতিভাৰ ভিত্তিতহে বিশ্বত চিনাকি দিবলৈ সক্ষম হয়। এই ক্ষেত্রত প্ৰাথমিক পৰ্যায়ৰ শিক্ষাগুৰু সকলক শ্ৰদ্ধাৰে সেৱা নজনালে ভুল কৰা হ'ব। কিয়নো আমাৰ যিকোনো কামৰ গুৰি ধৰোতা  হ'ল গুৰু। সেয়েহে আমি কওঁ "গুৰু হে বিষ্ণু, গুৰু হে ব্ৰহ্ম, গুৰু হে মহেশ্বৰ"। গুৰু অবিহনে যিকোনো কামত সফল হোৱা অসম্ভৱ। উদাহৰণস্বৰূপে আমি মহাভাৰতৰ কৰ্ণৰ কথা ক'ব পাৰো, কৰ্ণ ক্ষত্রিয় বিদ্যাত পাঁচ পাণ্ডৱ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, সহদেৱ আৰু নকুল সকলোতকৈ পাৰ্গত আছিল৷ কিন্তু কৰ্ণৰ সুকীয়াকৈ গুৰু নথকাৰ বাবে তেওঁ কোনো ৰাজ সভা বা সভাত শ্ৰেষ্ঠ ক্ষত্ৰিয় বিদ্যৱান হিচাপে ক'তো স্বীকৃতি পোৱা নাছিল। ইয়াতে আমি বুজিব পাৰো যে এজন শিক্ষার্থীৰ বাবে  গুৰুৰ তাৎপৰ্য বা গুৰুত্ব কিমান! গুৰুৰ অবিহনে এজন শিক্ষার্থীৰ শিক্ষা অৰ্থহীন স্বৰূপ। ইয়াতে ক'ব পাৰো যে মানৱ জীৱনৰ আটাইতকৈ মহত্বপূৰ্ণ শিক্ষাগুৰু হৈছে প্ৰাথমিক পৰ্যায়ৰ শিক্ষাগুৰু। কিয়নো এই পৰ্যায়ৰ শিক্ষাগুৰুয়ে এজন শিক্ষাৰ্থীক একেবাৰে সৰুৰে পৰা যত্ন লৈ সকলোখিনি শিক্ষাৰ কৌশল শিকাব লগা হয়। অন্যহাতে উচ্চ পর্যায়ৰ শিক্ষানুষ্ঠানত এজন শিক্ষাৰ্থীক সম্পূর্ণৰূপে প্ৰস্তুতকৰণ হিচাপে পায়, সেই কাৰণে তেনে শিক্ষাৰ্থীৰ আগত পাঠদান কৰিবলৈ ইমান এটা কষ্টকৰ নহয়।

শেষত প্ৰাথমিক পৰ্যায়ত শিক্ষা গ্রহণ কৰি থকা কণ কণ ছাত্র-ছাত্রী সকলক অনেক মৰম জনাই তেওঁলোকৰ উজ্জ্বল আৰু কৃতকাৰ্য্য ভৱিষ্যতৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। ইয়াৰ লগতে মানৱ সম্পদ গঢ়াৰ সকলো শিক্ষাগুৰুক এই শুভ ক্ষণতে সেৱা জনাইছো। আৰু আমাৰ আশে-পাশে এনে বহুতো প্ৰাথমিক বিদ্যালয় আছে যিবোৰ বিদ্যালয় বৰ্তমানলৈকে চৰকাৰীকৰণ নোহোৱাৰ বাবে শিক্ষাগুৰু সকলে বিনা বেতনত শিক্ষাৰ্থী সকলক পাঠদান কৰি আছে, তেনেবোৰ বিদ্যালয়েও অতি সোনকালে সুস্থ সবল হ'বৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।


📝শ্রী কুমাৰ পানতাঁতী
সহকাৰী প্ৰবক্তা 
ৰাজনীতি বিজ্ঞান বিভাগ, 
আমগুৰি মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)