মাছমৰীয়া

©Admin
0
এলেঙী বিলখনে হাঁহিছে
   সুৰুযে তাতেই খেলিছে 
        পানীৰ ওপৰেদি সাতুৰি নাদুৰি 
           ৰাজহাঁহৰ ভটিয়নী....
ধীৰে ধীৰে বৈ আছে তাই কাষত আলিবাট
নাচনী মাছবোৰে নাচিলে ফিচা উলিয়াই
    গাত মেৰিয়াই কোনোবাই 
       ফাঁচীৰ মেখেলা খনি 
টুলুং ভুটুং নাওখনে গান গাইছে কিৰিলিপাৰি
ব'ঠা পাতে মূৰ তুলি চালে 
    বগলীজাকে ডিঙিমেলি 
       কিজানিবা সুবিধা অকন পায়...।
মাছমৰীয়াৰ মন অস্হিৰ...
     কোন বাটৰুৱাই জুমি চাই 
        নল খাগৰিৰ ফাঁকেৰে....
বগাকৈ পৰি ৰয় ৰূপালী মুহূৰ্তবোৰ 
         শ্যামল বননিত কোন...?
ইলুটি সকলোটি হয় গমকে নাপায় 
  
সুৰুযে তধা লাগি চাই ...
কাৰোবাৰ কলাফুলৰ ৰঙা তেজবোৰ 
    ডোঙা বান্ধিলে...
ৰঙা তেজ...!!
ৰঙা তেজৰ চেকুৰা
লধপা জোক
কলৈ...
কলৈ গ'ল গমকে নাপালো...।

📝ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)