ভাৰতৰ মহান মানুহজন

 যিজনেই দৰিদ্ৰতাৰ সীমাৰেখা অতিক্ৰম কৰি ৰাজনীতিৰ পথাৰখনত কৰ্ষণ আৰম্ভ কৰিলে ,যিয়ে ভাৰতীয় মানুহৰ অজ্ঞানতা দূৰ কৰিলে তেওঁৱেই
 মানৱদেৱতা | তেনে এজন মানৱদেৱতাৰ জন্ম হৈছিল ১৯৩১ চনত, ৰামেশ্বৰম্ পূৰ্বৰ মাদ্ৰাজ, বৰ্তমান তামিলনাডু ৰাজ্যৰ এখন দ্বীপ নগৰীত | তেওঁৱেই হ'ল ভাৰতৰ প্ৰথম বৈজ্ঞানিক ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালাম | 
         টকা - পইচা, ধন - সম্পত্তিয়েই যে সৰ্বোচ্চ নহয় সেই কথা কালামদেৱে প্ৰমাণ কৰি দিছিল | এ পি জে আব্দুল কালামো প্ৰথম অৱস্থাত এজন সাধাৰণ যুৱকেই আছিল | মাকে তেওঁৰ আগত কলপাত এখন পাৰি দি তাৰ ওপৰত কোৰাচেৰে ভাত, চম্বৰ, ঘৰতে বনোৱা মলমলাই থকা এবিধ মুখত লগা আচাৰ আৰু তাত্কা নাৰিকলৰ এজেবা চাটনি দিয়ে | 
        ১৯৩৯ চনত সংঘটিত হোৱা মহাসমৰৰ সময়ত তেখেতৰ বয়স আছিল মাত্ৰ আঠ বছৰ | আঠ বছৰ বয়সতে কালামে তেতেলীৰ গুটি গোটাই আনি মছজিদ গলিৰ গেলামালৰ দোকান এখনত বেচি প্ৰতি দিনে এক অনাকৈ অৰ্জন কৰিছিল | সেই সময়ত তেওঁৰ বাবে এক অনা ৰজাৰ ৰাজকোষৰ ধনৰ দৰে 
আছিল | 
         ন বছৰ বয়সতে ৰেলৰ পৰা দলিয়াই দিয়া বাতৰি কাকতৰ টোপোলা লৈ ৰামেশ্বৰম্ সমীপৰ মানুহৰ ঘৰে ঘৰে বাতৰি কাকত বিলাইছিল | ৰেলৰ ডবাৰ পৰা দলিয়াই দিয়া পেপাৰ ধৰিবলৈ আব্দুল এঘন্টাৰ আগতেই ষ্টেচনত ৰৈ আছিল | সেই ল'ৰাটো যেতিয়া বিদ্যালয়ত পঢ়িবলৈ গৈছিল তেওঁৰ শিক্ষকজন আছিল বামুন সম্ৰদায়ৰ লোক | অন্যহাতে, কালাম মুছলমান সম্ৰদায়ৰ বাবে তেওঁক সদায় পাছৰ বেঞ্চত বহিবলৈ দিছিল | কিন্তু, তেওঁ হতাশ নহৈ এনে কিছুমান কাম কৰিবলৈ ল'লে যিবোৰ কামে শিক্ষকজনক একেটা পুখুৰীতে পানী খাবলৈ বাধ্য কৰিলে | তেওঁৰ এটা সপোন আছিল - তেওঁ ডাঙৰ হৈ সৎ পথেৰে ভাৰতক মহান কৰিব | তেওঁৰ মতে - "শুই দেখা সপোন সপোন নহয় | যি সপোনে তোমাক চিৰদিন শুবলৈ নিদিয়ে ; সেইটোহে প্ৰকৃত সপোন | " এনেদৰে ড০ কালামে ৰামেশ্বৰমৰ এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলে আৰু এদিন কলেজীয়া জীৱন আৰম্ভ কৰে | কলেজীয়া জীৱনত তেওঁক এজন শিক্ষকে এনেদৰে কৈছিল  - "তুমি মোৰ আটাইতকৈ প্ৰিয় ছাত্র | মোৰ দৃঢ় বিশ্বাস, তোমাৰ কঠোৰ পৰিশ্ৰমে ভৱিষ্যতে আমাৰ শিক্ষকসকলৰ নাম উজ্জ্বল কৰিব |" তেখেতৰ এই মন্তব্য বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছিল আব্দুলে | তেওঁৰ এনে সফলতাৰ আঁৰত কোনো বিশেষ ব্যক্তিৰ যে হাত নাই তেনে নহয় | তেওঁ হাইস্কুলীয়া অৱস্থাত ইয়াৰদুৰাই চলমান নামৰ এজন পণ্ডিতৰ সক্ষাৎ
 হৈছিল | তেওঁ প্ৰায়েই কৈছিল যে - জীৱনত কৃতকাৰ্য হ'বলৈ আৰু মনে বিচৰা ফল লাভ কৰিবলৈ তোমালোকে তিনিটা ঘাই শক্তি বা গুণ আয়ত্ত কৰিব লাগিব | সেই কেইটা হ'ল - ইচ্ছা, বিশ্বাস আৰু আশা | তোমালোকে নিজৰ ভাগ্যক নিজে গঢ় দিব পাৰিবা |" তেওঁৰ এনে কথাই প্ৰতি পদে পদে কালামক উৎসাহিত কৰিছিল | 
          তেখেতে ১৯৫০ চনত ইন্টাৰমিডিয়েট, তিৰুচ্চিৰাপল্লিৰ ছেন্ট জোছেফ কলেজত বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী, ১৯৫৪ চনত মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকন'লজিত ইঞ্জিনিয়াৰিং কৰি উঠি ১৯৫৮ চনত শব্দতকৈ দ্ৰুত গতি সম্পন্ন লক্ষ্যভেদী বিমান এখনৰ আৰ্হি প্ৰস্তুত কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল | তেখেতে ১৯৮০ চনৰ ১৮ জুলাই তাৰিখে "ৰোহিনী" উপগ্ৰহৰ উৎক্ষেপন ড০ কালামৰ জীৱনৰ এক বৃহৎ কৃতিত্ব | এইজনা মহান ব্যক্তিয়ে পদ্মভূষণ, পদ্মবিভূষণ আৰু ভাৰতৰত্নৰ দৰে কেইবাটাও চৰকাৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল | তেখেতে ১৯৮১ চনত পদ্মভূষণ, ১৯৯০ চনত পদ্মবিভূষণ আৰু ১৯৯৭ চনত ভাৰতৰত্ন বঁটা লাভ কৰিছিল | 
          দৰিদ্ৰ পৰিয়ালৰ সেই লোকজনেই অৱশেষত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে স্বীকৃতি লাভ কৰিলে | দৰিদ্ৰতাৰ প্ৰাচীৰ ফালি অৱশেষত বিলাসীতা অৰ্জন কৰিবলৈ সক্ষম হ'ল | জীৱনত সফলতা অৰ্জন কৰিবলৈ হ'লে দৰিদ্ৰতাই যে বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে সেই কথা তেখেতে প্ৰমাণ কৰি দেখুৱালে | এই প্ৰৱন্ধটিত তেখেতৰ এই বিশেষ গুণটোক মূল কেন্দ্ৰবিন্দু হিচাপে লৈ আলোচনা আগবঢ়োৱা হৈছে | সেই জনেই ভাৰতৰ মহান মানুহ ; যাৰ নাম - ড০ এ পি জে আব্দুল কালাম | 


সহায়ক গ্ৰন্থ পঞ্জী 
১) "অগ্নিৰ ডেউকা " ড' এ পি জে আব্দুল কালাম
২) ড' এ পি জে আব্দুল কালাম ৰ আত্ম জীৱনী 
৩) ইণ্টাৰনেট

 📝অবিনাশ বড়া 
আমগুৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্র তথা
অসম সাহিত্য সভাৰ আমগুৰি শাখা সমিতিৰ সহ:সাধাৰণ সম্পাদক

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send