শিশুবোৰ ফুলৰ দৰে

©Admin
0

 (  বনকৰা ছোৱালী তাই )
      দুখ-বেদনা কিমান গধুৰ হ'লে নিজ জন্ম দিয়া মাক দেউতাকে নিজৰ ছোৱালীজনীক আনৰ ঘৰত বন কৰাকৈ থব পাৰে | যি সময়ত ছোৱালীজনীয়ে পঢ়া শুনা কৰি মাক-দেউতাকৰ লগত থাকি পুৱা গধুলি একে লগে আহাৰ গ্রহণ কৰি সুখে দুখে থাকিব লাগিছিল তাৰ পৰিবৰ্তে তাইক আনৰ ঘৰলৈ পঠাই বন কৰিবলৈ | তেতিয়া তাই নাম পাই বনকৰা ছোৱালী | 
     তাইৰ শৈশৱটো কলিতে মোহাৰী পেলোৱা হয় | তাইৰ কোনো স্বাধীনতা নাথাকে | সৰ্বস্ব কাঢ়ি লোৱা হয় | যিদুখন কুমলীয়া হাতেৰে ফলি পুথি লৈ পঢ়াশালীলৈ যাব লাগিছিল তাৰ পৰিবৰ্তে সেই দুখন হাতেৰে পৰৰ ঘৰত কাম কৰিব লাগে | সেইখন ঘৰৰে তাইৰ কাণসমনীয়া ছোৱালীজনীয়ে পিঠিত কিতাপৰ বেগ লৈ স্কুল ওলাই তেতিয়া তাইৰ চকুৰে চকুলো ওলাই আহে | তেতিয়া তাইৰ মাকলৈ মনত পৰে |
      ঘৰত থাকোতে মাকে গালি পাৰি থাকিলেও দেৰিলৈকে বিচনাত আছিল , সকলো কাম মাকে কৰিছিল তাই উঠিছিল খাইছিল আৰু খেলিছিল | কিন্তু ইয়াত এতিয়া কোনো নুঠুতেই তাই উঠিব লাগে প্রথমে , বাহিবন কৰিব লাগে , ৰাতিৰ খোৱা বাচন ধুব লাগে , ঘৰ সাৰিব লাগে , মালিকনীক জগাই উঠাব লাগে | তাৰ পিছত কাপোৰ ধুব লাগে লগতে গালি শুনিব লাগে , মাৰ খাব লাগে | কাৰণ তাই যে বনকৰা ছোৱালী | ঘৰৰ মালিকনীৰ ইচ্ছামতে , সময়মতেহে তাই খাবলৈ পাই , তাইৰ পেটৰ ভোক মাকে জানিছিল , বেলেগে বুজিব জানো ? খাই বৈ অটাই আকৌ সকলোবোৰ ধুব লাগে | ৰান্ধা কামত সহায় কৰিব লাগে | মুঠতে কামেই কাম | তাইৰ দেহৰ ভাগৰ আনে নুবুজে | তাইৰ বয়স অনুসৰি কামৰ কথা নাই , কাৰণ মাহৰ শেষত দেউতাকৰ হাতত পইচা তুলি দিছে | গতিকে কাম কৰাই পইচা উচুল কৰাই লৈছে | 
      কাম কৰি কৰি তাইৰ বাবে নিশাটো দীঘল হৈ পৰে তেতিয়া তাইৰ মাকলৈ বৰকৈ মনত পৰে | চকুৰ পতা গধুৰ হৈ পৰিলেও তাই শুবলৈ যাব নোৱাৰে | কাৰণ বন কৰা ছোৱালী তাই | 
     নিশা দুপৰলৈ কাম কৰি বিচনাত পৰাৰ লগে লগে তাই টোপনীত ধলি পৰে | ইফালে ঘল পুৱাতে উঠিব লগা হলে তাইৰ বাবে নিশাটো চুটি তুটি লাগে | তেতিয়া মাকলৈ মনত পৰি তাই উচুপি উঠে | কাৰণ বন কৰা ছোৱালী তাই  |

   📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)