যুৱক (Bachelor)জীৱনৰ শেষৰ কাপ চাহ-হেমেন হাজৰিকা

©Admin
0
    মোৰ জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ হোৱাৰ ঠিক আগদিনাৰ কথা | সকলোবোৰ কাম আৰু কথা পৰিকল্পনা মতে , ভবা মতে আগবাঢ়ি গৈ আছে , ভাগে ভাগে কাম চলি আছে | জীৱনৰ দ্বিতীয় ইনিংছ খেলা মূল নায়কজন মই যদিও কিছুমান কাম নিজে কৰিব লগাত পৰিছিলো | উপায়ো নাছিল | এনেদৰে কিছুমান বস্তু বিচাৰি গৈ গৈ মোৰ সম্বন্ধীয় বাইদেউ এজনীৰ ঘৰ পালোগৈ | বাইদেউৱে বহিবলৈ দিলে , খা-খবৰ সুধিলে , কামবিলাক ঠিকমতে চলিছেনে আদি | মই যথাযথ উত্তৰ দিলো | তাৰ পিছত মই যোৱাৰ কাৰণটো কলো | বাইদেউৱে বস্তু কেইপদ যোগাৰ কৰি দিলে | বাইদেউৰ ডাঙৰ ছোৱালী লিপিকা | লিপিকা তামূলী | দাদা চাহ একাপ মোৰ হাতেৰে খাই যা | যদিও সম্বন্ধত ভাগিন তথাপি তাই আগৰ পৰাই দাদা বুলি মাতিছিল | বয়সতো প্ৰায় সমনীয়াই আছিলো | তাই মোতকৈ এক বছৰে সৰু আছিল | মই কলো , এতিয়া নাখাওঁ দে পিছত খাম | তাই কলে, নহয় এতিয়াই খাই যা, নহলে জীৱনত আৰু এইকাপ চাহ খাবলৈ নাপাবি | মই কলো মানে ? মানে হল তোৰ Bachelor জীৱনৰ শেষৰ কাপ চাহ | মানে আমাৰ ঘৰলৈ আজিৰ পিছত তই আৰু Bachelor হৈ আহিব নোৱাৰ | গতিকে খাই যা | কথাষাৰে মোৰ অনুসন্ধিতসু মনটোত ক্ৰিয়া কৰি গ'ল | হয় ইয়াৰ পিছত মই আৰু Bachelor হৈ নাথাকো | কাইলৈৰ পৰা মোৰ জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ হ'ব | মই, মইৰ পৰা আমি হ'ম | গতিকে ইতিহাস হৈ থকা এটা কথা | যাক মই অন্তিম নিশ্বাস কাঢ়া দিনটোলৈ কব পাৰিম , এক মচিব নোৱাৰা , পাহৰিব নোৱাৰা কথা | Bachelor জীৱনৰ অন্তিম চাহ কাপ মোক লিপিকাই খুৱাইছিল | তাইও মোৰ বাবে স্মৃতি হৈয়ে থাকিব | গতিকে চাহ কাপ খাই অহাৰে সিদ্ধান্ত ললো | চাহকাপো আছিল সাধাৰণ চাহেই তথাপি মোৰ কাৰণে অসাধাৰণ হৈয়ে ৰৈ গ'ল | একাপ ৰঙা চাহ, দুখন বিটেনীয়া বিস্কুট | চাহকাপত চেনী দিছিল নে নাই সোৱাদত ধৰিব নোৱাৰি | কিন্তু মনত থাকি গ'ল | আজিও মনত পৰে কেতিয়াবা | বৰ আগ্ৰহেৰে দিয়া বাবে আৰু এটা যুগমীয়া স্মৃতি হোৱাৰ বাবে চাহ কাপ খালো | মনত পৰিলে আদিও হাঁহি উঠে | মনে মনে আওৰাই থাকো Bachelor জীৱনৰ অন্তিম কাপ চাহ | ভাবিও ভাল লাগে কিন্তু এটা কথাত বেয়া লাগে যে যিজনী ছোৱালীয়ে মোক মোৰ Bachelor জীৱনৰ অন্তিম চাহকাপ খুৱাইছিল তাই নিজে আজিলৈ Bachelor হৈ থাকিল | তাইৰ আজিলৈ বিয়া নহ'ল | শিক্ষিত ধুনিয়া এটা নাম থকা পৰিয়ালৰ ছোৱালী আছিল তাই | ভনীয়েক ভায়েক সকলোৰে বিয়া হ'ল , তাই কিন্তু তেনেকৈয়ে থাকি গ'ল | মই মোৰ জীৱনৰ দ্বিতীয় ইনিংছ খেলি এতিয়া চলি আছো | হয়তো জীৱন এনেকুৱাই |

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)