অহংকাৰ~গল্প-হিয়া দাস

©Admin
0
মহিলা গৰাকীৰ কিছুদিন পূৰ্বে মৃত্যু হ'ল । 
মৃত্যুৰ আগমুহূৰ্তত তেওঁ অন্তিমবাৰৰ বাবে পুতেক তিনিওজনৰ মুখকেইখন এবাৰ চাই যাবলৈ অশেষ চেষ্টা কৰিও বিফল হৈ অৱশেষত তেখেতে মৃত্যুৰ ওচৰত হাৰ মানিলে। 

      "জীৱন জীৱন
        বৰ অনুপম।" 

কিন্তু সকলোৰে জীৱন অনুপম হব নোৱাৰে হেজাৰবাৰ চেষ্টাৰ পিছতো । 
জীৱন সঁচকৈয়ে দুৰ্বোধ্য! 
জীৱনে কেতিয়া সলনি কৰে নিজৰ ৰূপ-ৰস-বৰ্ণ সেয়া কোনেও ক'ব নোৱাৰে । 
  
যি গৰাকী নাৰীয়ে তিনিটা পুত্ৰ সন্তান জন্ম হোৱাৰ পিছত ভাবিছিল যেন তেওঁ পৃথিৱীৰ আটাইতকৈ ডাঙৰ কামটোহে কৰি পেলালে, এনে ভাবত কন্যা সন্তানৰ মাতৃ সকলক দেখিলেই তেখেতে বিনাদ্বিধাই কৈ দিছিল----  

"ছোৱালী পাপৰ ফল, লৰা পূণ্যৰ ফল।" 

আৰু কৈছিল, 
---মই বহুত পুণ্যৰ বলত হে এনেহেন গজগজীয়া তিনিটাকৈ ল'ৰা পাইছো, ল'ৰা কেইটাক লৈ মোৰ কেতিয়াও কোনো সমস্যা নাই আৰু নহ'ব। 
কিন্তু ছোৱালীৰ মাকবোৰক চোৱা কিমান সমস্যা, কিমান দুঃচিন্তা উফ...। 
তোলনি বিয়া পাতিব লাগিল , বিধে বিধে প্ৰসাধনৰ সামগ্ৰী যোগান ধৰিব লাগিব সিহঁতক! তাতে আকৌ যৌৱনৰ উত্তাপত ৰ'ব নোৱাৰি কিমান যে দাগ লগাব চৰিত্ৰত! যাৰ কাৰণে অনবৰতে মাক দেউতাক ককায়েকে পহৰা দি থাকিব লগীয়া হয় সিহঁতক, আকৌ উপযুক্ত বয়সত বিয়া দিবলৈ ভাল পাত্ৰ বিচাৰি হাবাথুৰি খাই ফুৰিব লগীয়া হোৱা কথাটো আছেই... লগতে সোণৰ আ-অলংকাৰ, যৌতুক, পাট-মুগাৰ কাপোৰ, কিমান যে খৰচ।
উফঃ কি মহা সমস্যা এই ছোৱালীবোৰক লৈ।

এনেবোৰ অযথা মূৰ কামোৰণিৰ পৰা মই যে শত যোজন আঁতৰত দেও । 
ফুটনি মাৰি কথা কোৱাতো বৰুৱানীৰ এটা স্বভাৱ। 

---হয় বৰুৱানী বাইদেউ, আপুনি সঁচাকৈয়ে বহুত ভাগ্যৱতী, তিনিটাকৈ ল'ৰাৰ মাক হ' ব পৰাতো কম কথা নে? 
ঈশ্বৰে আমাক হে মূৰ তুলি নাচালে আৰু। 
দুজনী ছোৱালীৰ মাক প্ৰভা ফুকনে হুমুনিয়াহ কাঢ়ি কথাখিনি ক'লে। 


---পঢ়া শেষ হলেই তিনিওটা লৰাই চাকৰি কৰিব, মাহৰ শেষত দৰমহা আনি মোৰ হাতত তুলি দিব, আৰু মই সুন্দৰকৈ জীৱনটো বিচৰা ধৰণেৰে উপভোগ কৰিম, দেশ বিদেশ ভ্ৰমণ কৰিম, মন গ'লেই সোণৰ অলংকাৰ, হীৰা-মুকুতাৰ অলংকাৰ কিনিম। টকা-পইচা হাতত উভৈনদী থাকিলে যি মন যায় তাকেই কৰিব পাৰি।
আস... ভাবিয়েই কিবা এটা ভাল লাগে বুজিছা প্ৰভা? 

---হয় বৰুৱানী বাইদেউ। 
 কথাখিনি শলাগিলে প্ৰভা ফুকনে। 

 
কিন্তু সময়ত চোন বৰুৱানীৰ সকলোবোৰ সপোন, পৰিকল্পনাই ওলোটা হ'ল! 
তিনিওটা ল'ৰাই পঢ়া শুনা কৰি ভাল কাম একোটা কৰি বিয়া বাৰু কৰাই লাহে লাহে মাক দেউতাকৰ পৰা আঁতৰত থাকিবলৈ ললে। আশাত চেঁচাপানী ঢালি বৰুৱানীৰ। 
সময়ৰ লগে লগে এনেকুৱাও দিন আহিল যে ব্যস্ততাৰ অজুহাতত তিনিওটা লৰাই মাক দেউতাক কেতিয়াবা টান নৰিয়াত পৰিলেও এটা ফোন কৰি খবৰ নুসোধে ।

এটা সময়ত বৰুৱানীৰ তৰপে তৰপে সুলকি পৰিল অহংকাৰ। যেতিয়া দেখিলে ছোৱালীৰ মাতৃ সকল কিমান সুখী আজি ছোৱালীহঁতক লৈ।
বিদেশত পঢ়িবলৈ যোৱা ছোৱালীকেইজনীকচোন মাক দেউতাকে কেতিয়াও পহৰা দিব লগীয়া হোৱা নাই! তথাপিওচোন সিহঁতৰ চৰিত্ৰত কোনো চেকা লগা নাই! মিচেছ গগৈৰ একমাত্ৰ ছোৱালীজনীয়ে বিয়া হৈ গৈয়ো শাহু- শহুৰৰ লগতে মাক দেউতাকৰো সমানেই যত্ন লয়।
চাকৰিয়াল ছোৱালীকেইজনীয়ে কামৰ মাজতো দিনটোত কেইবাবাৰো ফোন কৰি মাক দেউতাকৰ খবৰ লয়। 
তাকে দেখি শুনি বৰুৱানীৰ চকুপানী নিগৰে। 
 
"স্নেহা বৰুৱা" নামৰ মহিলা গৰাকী যোৱা তিনি বছৰ ধৰি শয্যাগত হৈ আছিল, অত দিনে তেওঁক অকল গিৰিয়েকে চোৱা চিতা কৰি আছিল। কিন্তু তিনিজন পুত্ৰৰ এদিন এজনৰো এবাৰ আহি মাকৰ ওচৰলৈ আহি দেখা সাক্ষাৎ কৰিবলৈ সময় ন'হল। 
পুতেক তিনিওজনৰ বাবে অপেক্ষাত অধীৰ আগ্ৰহেৰে বাট চাই চাই অৱশেষত অতি কৰুণভাৱে মনৰ আশা মনতে সামৰি মৃত্যুক আঁকোৱালি লয়।।

✍️হিয়া দাস, 
শুৱালকুছি,শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ, 
কামৰূপ ,অসম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)