নত একে একানব্বৈ~অনুভৱ-হেমেন হাজৰিকা

©Admin
0
আমি তেতিয়া দ্বিতীয় কি তৃতীয় শ্ৰেণীৰ ছাত্ৰ আছিলো কিজানি | তেতিয়াৰ আমাৰ শিক্ষাগুৰু সকলে আমাৰ উপস্থিতি লোৱাৰ পাছত বিদ্যালয়ৰ সন্মুখৰ মুকলি ঠাইখিনিত অথবা ডাঙৰ গছডালৰ তলত ঘুৰণীয়াকৈ ঠিয় হ'বলৈ দিছিল , মাজত এজন ঠিয় হৈ হাতত ধাৰাপাত ( তেতিয়াৰ নেওঁতাৰ কিতাপ) খন লৈ নেওঁতা আওৰাবলৈ দিছিল | প্ৰত্যেকেই মাজত ঠিয় হৈ পাঠ দিব লাগিছিল | আনন্দও লাগিছিল | নেওঁতা মাতা শেষ হোৱাৰ পাছত শাৰী পাতি এজন এজনকৈ শ্ৰেণী কোঠালৈ যাব লাগিছিল | সেয়া আমাৰ দিনত আমাৰ বিদ্যালয় খনৰ অঘোষিত নিয়ম আছিল | আমি সদাই পালন কৰিছিলো সেই নিয়ম | আমাক শিক্ষাগুৰু সকলে সদায় কব লগা হোৱা নাছিল | কিন্তু আজিৰ ছাত্ৰ সকলক সদায় এটা কথাকে কৈ থাকিব লাগে | দোষ কোনখিনিত ? আমি সেই নিয়ম সদায় পালন কৰিছিলো | সেই নিয়ম কেতিয়াও কোনেও ভংগ কৰা নাছিলো | বৰ আনন্দৰ দিন আছিল সেইবোৰ | বাৰে বাৰে আওৰাই থকা বাবে নেওতা আমাৰ পাহৰিব নোৱাৰাকৈ বিদ্যালয়তে মুখস্থ হৈ গৈছিল | ঘৰত বেলেগকৈ মুখস্থ কৰিব লগা হোৱা নাছিল | আমাৰ শিক্ষাগুৰু সকলে আমাক অনুশাসনৰ মাধ্যমেৰে বান্ধি ৰাখিছিল | আমি সেই অনুশাসন মানি চলিছিলো | সেই বাবেই কিজানি ইয়াৰ ব্যতিক্ৰম দেখিলে খং উঠে | আমি যেতিয়া বাহিৰত নেওঁতা আওৰাই আছিলো , বেলেগ শ্ৰেণীত পাঠদান কৰি থকা চাৰজনে এবীৰ বাৰান্দাত ঠিয় হৈ আমাক লক্ষ্য কৰিছিল আমি কি কৰি আছো | তাৰ প্ৰতিও নজৰ ৰাখিছিল আমাৰ শিক্ষাগুৰু সকলে | যদি তাত কিবা ব্যতিক্ৰম দেখা পাইছিল তেতিয়া চাৰে হাতত চেকনিদাল লৈ পিছফালে হাত দুখন কৰি মনে মনে গৈ ভৰিৰ পিটত কোবাইছিল | তেতিয়া আন সকলো সচকিত হৈছিল | চেকনিৰ আগত বিদ্যা সেয়া আমাৰ দিনত প্ৰতিফলিত হৈছিল | এতিয়া সেই নিয়মবোৰ আমাৰ বিভাগে আতৰালে | সেয়া এতিয়া আইন হ'ল | শিক্ষা অধিকাৰ আইন ২০০৯ অনুসৰি এয়া আইনত পৰিনত কৰিলে | এতিয়া বিদ্যালয়ত ছাত্ৰৰ ওপৰত সকলো ধৰনৰ শাস্তি নিষিদ্ধ ঘোষণা কৰা হ'ল | তাৰ বাবে কিজানি আজিৰ ছাত্ৰখিনি আজিৰ দৰে হ'ল | আমাৰ দৰে নহ'ল | সমস্যাটো ক'ত ? ক'ত সমস্যাটো হ'ল আমি নুবুজিলো | তেতিয়াও আমাৰ গুৰু সকলে আমাৰ লগত বন্ধু সুলভ ব্যৱহাৰেই কৰিছিল | সেইমতে দুষ্ট কৰিলে শাস্তিও বিহিছিল | তেতিয়াটো আমাৰ একো অপকাৰ হোৱা নাছিল | এতিয়া শাস্তি দিলে অপৰাধ বুলি বিবেচিত হয় | সেয়া শাৰিৰীকেই হওক বা মানসিকেই হওক | আজিও মনত পৰে মোৰ প্ৰাথমিকৰ শিক্ষাগুৰু প্ৰয়াত উমেশ চন্দ্ৰ দাস , প্ৰয়াত হেম চন্দ্ৰ বৰা , প্ৰয়াত কমল বৰা আৰু বৰ্তমানেও জীৱিত শ্ৰদ্ধাৰ শ্ৰীযুত থুলেশ্বৰ হাজৰিকা চাৰৰ শিক্ষাৰে শিক্ষিত হৈ মই আজি আজিৰ অৱস্থাত ঠিয় হৈ গৌৰৱেৰে চিনাকি দিব পাৰিছোঁ | হে গুৰু প্ৰণামো তোমাক | আজিও মনত আছে মেৰ প্ৰাথমিকৰ গুৰু উমেশ চন্দ্ৰ দাস চাৰে মোক তেখেতৰ চাইকেলত উঠাই লৈ বিদ্যলয়লৈ লৈ গৈছিল | আমি নেওঁতা পঢ়োতে আমাৰ দহৰ হিচাব , কুৰিৰ হিচাব , সংখ্যাৰ হিচাব সকলো হৈছিল , আতি গুৰি মাৰি শিকিছিলো, আমাক শিকাইছিল | আমাৰ মনত সাঁচ বহাকৈ ৰৈ গৈছিল | যাক আমি আজিও পাহৰিব পৰা নাই | আমি শিকিছিলো এনেদৰে.....
ন'ত একে একানব্বৈ চাৰি কুৰি এঘাৰ ন দহ এক |
ছয়ত পাঁচ পয়সষ্ঠি তিনিকুৰি পাঁচ ছয় দহ পাঁচ |
এতিয়া সেইবোৰ নিয়ম নাই | শ্ৰেণীত নেওঁতাৰ পাঠদান নোহোৱা হ'ল | গণিতৰ কিতাপ সমূহো সাধুকথাৰ দৰে হ'ল | শিক্ষাত ন ন পদ্ধতি প্ৰবৰ্তন হ'ল | সকলো যন্ত্ৰৰ দৰে হ'ল | প্ৰকৃতিৰ লগত সম্পৰ্ক নোহোৱা হ'ল | মাটিৰ স্পৰ্শ নোপপোৱা হ'ল | সেয়েহে কিজানি আমাৰ দৈনন্দিন জীৱনবোৰো তেনেদৰে আগবাঢ়িবলৈ ললে | অদূৰ ভৱিষ্যতে বা আৰু কি হয় সেয়া যথা সময়ত সময়ে উত্তৰে দিব | আমি আশা ৰাখিম বিজ্ঞমহলে চিন্তা চৰ্চা কৰি আমাৰ নৱ প্ৰজন্মৰ বাবে এনে ব্যৱস্থা কৰক , যাতে সিহঁতৰ মনত গছে ন কুহিঁপাত মেলাৰ দৰে কুহিঁপাত মেলে |

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)