পশ্চিমৰ দিশে -------------
বেলিটো থৰ থৰ ওলাই কি নোলায়
চাৰিওফালে ঘোপমৰা কুঁৱলী,
ঢাপলি মেলিছিলোঁ
শইচৰ হেন্দোলনী চাবলৈ বালোচৰ দিশে
ঠিক
তেনে সময়ত এটা পছোৱাই আহি কামুৰি ধৰিছিল শৰীৰটোত
আস!-----
😢 কি ক্লান্ত-------
বিকত শিহৰণ দেহৰ ৰন্ধে ৰন্ধে
হাত দুখন মেলি দিওঁ ,
সোণালী খিনি কিম্বা বুকুত বোজা কৰি
আই বোপাই লৈ আহিম
সচাকৈ মাদকতা------
এটা উন্মাদনা
বুজাব নোৱাৰা শীতৰ ৰহণ।
👌দীপজ্যোতি বৰদলৈ
মৰিগাঁও ,(অসম)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ