দক্ষিণ কামৰূপৰ লোক-সংস্কৃতিৰ এক অৱলোকন -০৪

©Admin
0
দক্ষিণ কামৰূপ অঞ্চলত বহুতো ভাষা ভাষীৰ লোক বাস কৰে | তদুপৰি এই অঞ্চলত এটি লোক ভাষা প্রচলিত হৈ 
আছে | দৈনন্দিন জীৱনত মানুহে লোক ভাষাতে কথা বতৰা পাতে | লোক ভাষা হৈছে দক্ষিণ কামৰূপৰ এটি ব্যৱহাৰিক ভাষা | গতিকে ভাষাতত্বৰ জ্ঞান লাভ কৰিবলৈ হ'লে নিঃসন্দেহে লোক-সংস্কৃতি অধ্যয়নৰ প্রয়োজন  |
    তদুপৰি দক্ষিণ কামৰূপৰ লোক কলা , লোক শিল্প , লোক ঔষধ , তন্ত্ৰ মন্ত্ৰ আদি অনেক বিষয়ৰ কথা জানিবলৈ লোক সংস্কৃতি অধ্যয়ন একানভাৱে প্রয়োজন
 অনুমান হয় , দক্ষিণ কামৰূপৰ বিষয়ে বহুতো নজনা কথা আছে আৰু লোক সংস্কৃতি অধ্যয়নে সেই সকলো বিষয়ৰ সম্ভেদ দিব পাৰে বুলি ধাৰণা হয় | আনহাতে এখন ঠাইৰ বৃহৎ সম্পদ হৈছে ঐতিহ্য পৰম্পৰা | গতিকে লোক-সংস্কৃতি অধ্যয়নৰ ফলত দক্ষিণ কামৰূপ অঞ্চলৰো ঐতিহ্য পৰম্পৰা উদঘাটন হ'ব পাৰে | এইবোৰ ক্ষেত্ৰত অঞ্চলটোৰ লোক সংস্কৃতি হৈছে প্রধান আহিলা স্বৰূপ |
   দক্ষিন কামৰূপ লোক-সংস্কৃতিৰ অক্ষয় ভাণ্ডাৰ | ইয়াৰ লোক-সংস্কৃতি অধ্যয়নৰ পথ সুগম আৰু স্স্পষ্ট | সমাজতত্ববিদ , লোক-বিজ্ঞানী, নৃতত্ববিদ , ভাষাতত্ববিদ সকলে দক্ষিণ কামৰূপৰ লোক-সংস্কৃতিৰ চিন্তা চৰ্চা আৰু অধ্যয়ন অনুশীলন কৰা প্রয়োজন আৰু তেনে চিন্তা চৰ্চা আৰু অধ্যয়ন অনুশীলন কৰা প্রয়োজন আৰু তেনে চিন্তা চৰ্চা বা অধ্যয়নেহে দক্ষিণ কামৰূপৰ ভৌগলিক মানচিত্ৰৰ সু পৰিচয়ৰে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক , সাংস্কৃতিক তথা ভাষা সাহিত্যৰ মান বিশিষ্ট সৰ্ববৃহৎ আৰু বিস্তৃত ইতিহাস ৰচনাত সহায়ৰ হাত আগবঢ়াব পাৰে | এইসকল লোকৰ বিদ্যায়তনিক ভূমিকা অবিহনে অঞ্চলটোৰ লোক-সংস্কৃতিৰ প্রকৃত মূল্যাংকন কৰা টানেই নহয় অসম্ভৱ যেনো লাগে | অৱশ্যে এই ক্ষেত্ৰত সকলো শ্রেণীৰ মানুহৰ কৰণীয় অনেক কাম আছে তাৰবাবে সকলোৱে লোক-সংস্কৃতি উদ্ধাৰ, সংৰক্ষণ আৰু মূল্যাংকনৰ কামত ব্ৰতী হোৱা প্রয়োজন বুলি বিবেচিত হয় |    

          সমাপ্ত

   🖋️  হেমেন হাজৰিকা
             মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)