এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায়(খণ্ড-২২)

©Admin
0
দিনটো নাযায় নুপুৰাই লাগিছে। প্ৰান্তিকক এবাৰ লগ কৰি কথা খিনি পাতিবলৈ খুউব মন গৈছে কিন্তু স্বাগত দা আৰু বৰ্ষাই মানা কৰিছে যাবলৈ। যত মোৰ গুৰুত্ব নাই তাত গৈ মই কি পাম? স্বাগত দা আকৌ গুৱাহাটী যোৱাৰ আগত বৰ্ষাই লগ কৰিবলৈ মাতিছে এবাৰ।যাব লাগিব বহুত দিন তাইকো লগ পোৱা নাই।

    অকলে অকলে ৰুমতে সোমাই আছো।আন্ধাৰো হ'ব হৈছে।এতিয়ালৈকে পাখি অহা নাই। চিন্তাও হৈছে মোৰ।বাৰে বাৰে খিৰিকী খনেদি ৰাস্তা লৈ চাওঁ তাই আহিছে বুলি কিন্তু তাইৰ একো গম গতিয়েই নাই।
      প্ৰায় ৫.৩০ মান বাজিলে।অকণমান বাহিৰলৈ ওলাই যাওঁ বুলি ভাবি ওলাব লওঁতেই পাখি আহি সোমাইছেহি। তাই আহিলে কাৰণে মই ওলাই নগ'লো আৰু। মোৰ আঁৰে আঁৰে তাই ইটো সিটো কৰি ফুৰিছে।মতাও নাই মোক। বেয়া লাগিল মোৰ। তাইৰ কি হৈছে মই ধৰিবই পৰা নাই। মই নুসুধিলে একো কথাই নুকুৱা হৈছে। ইমান দিন তাইৰ লগত থাকিলো কিন্তু আজিলৈকে এনেকুৱা কেতিয়াও হোৱা নাছিল। একেটা ৰুমতে দুই জনী আছো যেতিয়া নমতাকৈ থাকিব জানো পাৰি? উপায় নাপাই নিজেই মাতিলো....
_________ ইমান দেৰি হ'ল যে......
পাখি__________ দেৰি লাগিলে অলপ কামত
_________ তোক কথা এটা সোধো...
মন টোৱে সহিব নোৱাৰি তাইক সুধি দিব মন গ'ল তাইৰ কি হৈছে।

পাখি________ কি....?
_________ তোৰ কিবা হৈছে নেকি?মোক ক" চোন।ভালকৈ নমতাও হৈছ"।ঘৰত কিবা হৈছে নেকি?
পাখি________ নাই ঘৰত আকৌ মোৰ কি হব? এনেই পৰীক্ষাৰ কাৰণে অলপ চিন্তা হৈ আছে।
________ ওম....
কিয় জানো তেতিয়াও মোৰ মনে কোৱা নাই যে তাই মোক সঁচা কথা কৈছে।আৰু সুধি নাথাকিলো। তাইৰ ওচৰতে গৈ বহিলো।
_________ শুন না....প্ৰান্তিক ঘৰলৈ আহিল বোলে কালি
পাখি_______ হা.......কি ....তই কেনেকৈ গম পালি ?

মই প্ৰান্তিকৰ কথা কোৱাত মোতকৈয়ো বেছি তাই হে আচৰিত হৈছে।
__________ বৰ্ষা ই কলে।ইমান আচৰিত হৈছ" যে তই?
পাখি________ নাই এনেই। তই লগ কৰিবলৈ যোৱা কথা নভাবিবি আকৌ। প্ৰান্তিকে তোৰ লগত কৰা খিনি পাহৰি নাযাবি
__________ নাযাওঁ বৰ্ষাইও যাবলৈ মানা কৰিছে।
পাখি_________ ওম....
মুখত তাইৰ হাঁহি এটা বিৰিঙী উঠিল।ওচৰতে তাইৰ ফোন টো আছিল। মই কেতিয়াবা তাইৰ ফোন টো চাওঁ।আজিও তেনেকৈ ফোন টোত থকা ফটো বোৰ চাব লৈছো। দেখিছোঁ নতুন  ফটো কেইখন মান আছে। ফটো কেইখন আজি তোলা।আজি বাহিৰলৈ যাওঁতে তাই পিন্ধি যোৱা কাপোৰ যোৰ মোৰ ভালকৈ মনত আছে। আগতে এই কেইখন ফটো মই তাইৰ ফোনত কেতিয়াও দেখা নাছিলো। নিজে তোলা ফটো নহয়।কোনোবাই মাৰি দিয়া।
_________ এইবোৰ ফটো ক'ত মাৰিলি? তই আকৌ মোক অকলে যাম বুলিহে কৈছিলি...

থাপ মাৰি মোৰ হাতৰ পৰা তাই ফোন টো লৈ ল'লে।

পাখি_________ হিমাংশু! হিমাংশুৱে মাৰি দিছিল।লগত সিও গৈছিল।

কথাটো যেনেকৈ কৈছে তাই যেনিবা ডাঙৰ কিবা এটা কৰি আহিছে আৰু ধৰা পৰি যাব এতিয়া।মই গুছি আহিলো। তাই যে মোক মিছা কথা কৈছে সেইটো দেখা দেখি ওলাই আছে।কথা বোৰ দ'কৈ ভাবিব ধৰিছো মই। হিমাংশু দাক তাই কেনেকৈ লগ কৰিব পাৰে? দুদিন মানৰ আগত হিমাংশু দাই কোৱা মতে তেওঁ কোম্পানীৰ কামত বাহিৰলৈ গ'ল।মই নিজেই তেওঁৰ লগত কথা পাতিছিলো কিন্তু এতিয়া হঠাৎ হিমাংশু ক'ৰ পৰা আহিল। অহা হলে মোক পাখিয়ে কলে হেঁতেন। কিবা মনবোৰ খেলি মেলি লাগিছে।

        সন্ধিয়া ৭ মান বাজিছে।মই পঢ়াৰ টেবুলত। তেনেতে ফোনত দুবাৰ দুটা মেচেজ অহাৰ শব্দ শুনি উঠি গৈ বিছনাৰ ওপৰত থকা ফোন টো চালো। Unknown নম্বৰ এটাৰ পৰা দুটা মেচেজ আহিছে।

আগলৈ......

🖋️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)