প্ৰেমৰ দস্তাবেজ

©Admin
0
বৰকৈ মনত পৰিছে আজি তোমালৈ ...
তোমাৰ সৈতে কটোৱা সময়বোৰলৈ ,
তোমাৰ তিতা-মিঠা মাতষাৰলৈ ,
নাজানো কিয় আৰু কেনেকৈ ?

জোনাকী আকাশৰ তিৰ্ বিৰ্ ৰঙে
আজি সজীৱ কৰি তুলিছে ,
তোমাৰ প্ৰতিচ্ছবি,
স্নেহৰ অনুভূতি ,
আৰু.......
তোমাৰ সেই তদ্ৰুপ হাঁহিটি...

আলিৰ দাঁতিয়েদি পাৰ হৈ যোৱা
প্ৰতিজোপা গছ -লতিকাই যেন 
তোমাৰ কথাকেই কয় ,
তোমাকেই সোঁৱৰাই !

অপেক্ষা মাথোঁ তুমি অহালৈ
তোমাৰ সান্নিধ্য পোৱালৈ ,
তোমাৰ সৈতে কথা পতালৈ
তোমাৰ সৈতে জীয়ালৈ ।

তুমিবিহীন এই জীৱন 
সঁচাই নিশ্চুপ-নিস্তেজ ,
এয়াই হয়তো প্ৰেমৰ দস্তাবেজ।।

✍️স্বাতী জয়ছোৱাল
নাহৰকটীয়া, ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)