এদিন বৰ ভাল লাগিছিল কবিতাটো পঢ়ি ।
নৈপৰীয়া কবিজনে
বৰ ভাল পায়
তেওঁৰ প্ৰেমিকাক,
বেলিয়ে গা ধোৱা বাটেদি বিচাৰি লয়
তেওঁ আপোন ঠিকনা;
কহুঁৱাৰ কোমল বতাহচাটিত মুখ গুজি
সুন্দৰ গান এটি গুণগুণায়।
সেউজীয়া পথাৰখন
তেওঁৰ বৰ প্ৰিয়,
যাৰ কোলাত উমলি জামলি তেওঁ পাৰ কৰে
জীৱনৰ ভৰপূৰ সময়,
ওখ বিৰিখৰ ছাঁতে জিৰাই লেখে প্ৰেমৰ কবিতা ।
য'ত লেখা থাকে
চৰাইৰ কিৰীলিত
তেওঁৰ হিয়াৰ বতৰা !
বেলিটো লহিয়ালে
কবি আনমনা হয়,
সন্ধিয়াৰ আকাশত তৰা গণি ভালপোৱা কবিয়ে নিজান ঘাটত ৰৈ কথা পাতে প্ৰেয়সীৰ সৈতে।
বৈ থাকে নিৰবধি নদী,
প্ৰতিদিনে শীতল জোনাকৰ মায়া সাবটি
মোৰ প্ৰিয় কবিয়ে গঢ়ি লয়
মোহময় পৃথিৱী
তৰালীৰ স'তে !!
✒️ ৰীতামণি বৰদলৈ
ঠিকনা : ৰূপনগৰ, গুৱাহাটী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ