দক্ষিণ কামৰূপৰ লোকসংস্কৃতিৰ এক অৱলোকন-০২

©Admin
0
লোকসংস্কৃতিয়ে ঠাইখনৰ ভূগোল , বুৰঞ্জী , ৰাজনীতি , অৰ্থনীতি আদিৰ বিষয়ে জ্ঞান জন্মায় ।আকৌ লোকসংস্কৃতিয়ে ধৰ্ম , ধৰ্মানুষ্ঠানবোৰত প্রচলিত নাম-কীৰ্তন , পূজা পাতল সম্বন্ধে সম্ভেদ দিয়ে । তদুপৰি আমাৰ পূৰ্ব-পুৰুষসকলৰ আচাৰ-ব্যৱহাৰ , ৰীতি-নীতি , পৰম্পৰা , লোক-সংস্কাৰ, খোৱা-লোৱা , পিন্ধা-উৰা , থকা মেলা ,ধৰ্ম-বিশ্বাস , লোক-বিশ্বাস আদিৰ মূল হৈছে লোকসংস্কৃতি । অকল সেয়ে নহয় , লোক সংস্কৃতি অধ্যয়নৰ পৰা ভিন ভিন জনগোষ্ঠীৰ লোক-উচৱ , লোক-সংগীত , লোক-বাদ্য, কলা-কৃষ্টি , গীত-মাত আৰু ভাষা সাহিত্যৰ অনেক কথা জানিব পৰা যায় । দক্ষিণ কামৰূপৰ বহুতো গাঁও , ঠাই , পৰ্বত পাহাৰ , নদ-নদী নামৰ অৰ্থ ব্যাখ্যাত লোকসংস্কৃতি সহায়ক হয় ।লোক সংস্কৃতিয়ে নৃতত্ত্ব, ভাষাতত্ত্ব , বিজ্ঞান , ইতিহাস , সম্বন্ধে মানুহক ঐতিহাসিক জ্ঞান দিয়ে । তদুপৰি লোকসংস্কৃতিয়ে অনেক বিষয়ৰ অলেখ কাহিনী , উপ-কাহিনী ,জনশ্রুতি , কিংবদন্তি , সাধুকথাৰ শিক্ষা দিয়ে ।
     লোক-সংস্কৃতিৰ ক্ষেত্ৰখন বৰ আহল বহল ।ইয়াৰ অধ্যয়ন বৰ গভীৰ আৰু ব্যাপক । লোকসংস্কৃতি প্রাচীন সভ্যতা সংস্কৃতিৰো মাপকাঠী । এখন ঠাই বা এটা জাতিৰ উত্থান-পতন, উন্নতি -অৱনতিৰ কথাও লোকসমস্কৃতি অধ্যয়নৰ পৰা গম পোৱা যায় ।লোক-সংস্কৃতিয়ে বুৰঞ্জীৰো সংভেদ দিয়ে ।যিহেতু দক্ষিণ কামৰূপৰ কোনো নিৰ্দিষ্ট ধাৰাবাহিক বুৰঞ্জী নাই , সেই ফালৰ পৰা লোকসংস্কৃতিয়ে এই ঠাইৰ বিষয়ে জনাত যথেষ্ট সহায় কৰে ।

  আগলৈ••

🖊️হেমেন হাজৰিকা
     মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)