এজাক বৰষুণৰ অপেক্ষাত-দ্বিতীয় অধ্যায় (খণ্ড ৩৪)~পূৰ্ণিমা হালৈ

©Admin
0
এইটো সপ্তাহতে প্ৰান্তিকৰ মাক - দেউতাক আমাৰ ঘৰলৈ আহি আঙুঠি পিন্ধোৱাৰ দিন তাৰিখ ধাৰ্য্য কৰি থৈ গৈছে। এই মাহৰ শেষৰ ফালে আঙুঠি পিন্ধোৱা।ঠিক সেইদৰে এই মাহতে আমাৰ আঙুঠি পিন্ধোৱা কামটো সুকলমে হৈ গ'ল। যিটো মোৰ বাবে এটা পাহৰিব নোৱাৰা দিন।খুব ভাল লাগিছিল সেইদিনা সকলোকে একেলগে লগ পালো।প্ৰান্তিকৰ মাকক মই ফটোতহে দেখা।আগতে ভাবিছিলো আনৰ মাক দেউতাক নিজৰ মা দেউতাৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে।কিন্তু সেইদিনা লগ পাই গম পালো।প্ৰান্তিকৰ মাক মোৰ মাৰ নিচিনাই।খুব সহজ সৰল। ল'ৰা ছোৱালীৰ মনৰ বিপৰীতে কোনো কাম নকৰে। এদিন লগ পাওঁতেই তেওঁ মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰিছে। আৰু দেউতাকৰ কথাটো ক'বই নালাগে। খুব জমাই থাকে।একদম প্ৰান্তিকৰ নিচিনা। বয়স হৈছে যদিও মানুহজন এলেহুৱা বা ভাগৰুৱা হৈ নাথাকে। নিজৰ ল'ৰাৰ আঙুঠি পিন্ধোৱাত তেওঁ একেবাৰে ডেকা ল'ৰাৰ নিচিনা কৈ গাত ততেই নাই।প্ৰতিটো কামতে আগভাগ লয়।পুৰুষ - মহিলাৰ কাম বুলি তেওঁ ভাগ বিতৰা কৰি নাথাকে। আঙুঠি পিন্ধোৱাৰ দিনা মুঠতে তেওঁৰ জমনি কথাই সকলোকে বেছ আমোদ দিলে। মোৰ লগতে মোৰ মা দেউতাৰো খুব ভাল লাগিল প্ৰান্তিকৰ মাক দেউতাকক লগ পাই। বহুত মৰমিয়াল তেওঁলোক। সেইদিনা মোৰ ঘৰৰ পৰিয়ালৰ লোকসকলৰ উপৰিও স্বাগত দাৰ মাক আৰু ভনীয়েক,বৰ্ষাৰ মাক - দেউতাক,মোমায়েক - মামীয়েক সকলোখিনি আহিছিল। বৰ্ষা আমাৰ ঘৰলৈ কেইদিনমানৰ আগতেই আহিছিল। এইটো সুযোগতে বৰ্ষাই স্বাগত দাৰ মাক আৰু ভনীয়েককো লগ পালে। বৰ্ষালৈ সেইদিনা খুব হাঁহি উঠিছিল।এনেই তাই খুব দমত থাকে ।সেইদিনা আকৌ স্বাগত দাৰ মাকৰ আগত তাইৰ যি লাজ। সকলোৰে লগতে চা - চিনাকি হ'লো।খুব ভাল লাগিল।।প্ৰান্তিকক সেইদিনা আন দিনাতকৈয়ো বৰ মৰম লাগিছিল।বগা ৰঙৰ কোৰ্টা - পাইজামা। লগত কপালত সৰুকৈ ৰঙা ৰঙৰ ফোট এটা দি দিলত একেবাৰে সৰু ল'ৰাৰ নিচিনা লাগিছিল। দিনটো ব্যস্ততা, হাঁহি - ধেমালিৰ মাজতে কেনেকৈনো পাৰ হ'ল গমকে নাপালোঁ। আঙুঠি পিন্ধোৱাৰ পাছদিনাৰ পৰাই মায়ে মোক কপালত অলপ কৈ সেন্দুৰ ল'বলৈ কৈছে।আঙুঠি পিন্ধোৱাৰ পাছত ছোৱালী এজনী আধা - আধি ল'ৰাজনৰ হৈ যায়।গতিকে তেওঁৰ নামত সেন্দুৰ লৈ থকাটো অসমীয়া সমাজৰ নিয়ম। প্ৰথমতে মোৰ মা দেউতাৰ মুখৰ আগত সেন্দুৰ লৈ থাকিবলৈ লাজ লাগিছিল।পাছত চুলিৰ মাজত সৰুকৈ ল'বলৈ মায়ে শিকাই দিলে।

        এনেকৈয়ে আমাৰ আঙুঠি পিন্ধোৱাৰ প্ৰায় এমাহ হৈ গল। প্ৰান্তিক আৰু স্বাগত দা এতিয়া আকৌ গুৱাহাটীত আছে।মোৰো কলেজ আৰম্ভ হ'ব হ'ল।কলেজত এতিয়া পাখিৰ লগত মোৰ কোনো কথা বতৰা নাই। কেতিয়াবা বেয়া লাগে কিন্তু তাই কৰা কামবোৰ মনত পৰিলে আকৌ খং উঠি যায়।মোৰ প্ৰান্তিকৰ লগত আঙুঠি পিন্ধোৱা হৈ গ'ল বুলি তাই গম নাপাই আৰু গম পাবলৈ দিবও নিবিচাৰোঁ এতিয়া মই। তাই মোৰ লগত যি কৰিলে তাৰ কাৰণে সময়ত তাইকো মই চাৰপ্ৰাইজ দিম। মোৰ আগৰ ৰুমটোৰ কাষতে বেলেগ এটা ৰুম খালি আছিল। এতিয়া তাতে থাকো মই অকলে। আৰু কেইদিনমানৰ পাছত তাৰলৈ বেলেগ কোনোবা ছোৱালী আহিব।

          চাওঁতে চাওঁতে সময় বোৰ পাৰ হল। মোৰ আৰু বৰ্ষাৰ ডিগ্ৰী শেষ হ'বলৈ আৰু তিনিটা চেমিষ্টাৰ বাকী আছে। এতিয়া বৰ্ষাৰ ঘৰটো তাইৰ বিয়াৰ কথা চলিছে। প্ৰান্তিক এতিয়া খুব ব্যস্ত হৈ থাকে।তেওঁৰ লগত মোৰ ৰাতিহে কথা পতা হয় যদিও এতিয়া আৰু তেওঁৰ ওপৰত কোনো অভিযোগ নাই। তেওঁ যেনে দৰে বিচাৰে মই তেনেদৰেই সুখী। বহুত পালো মই তেওঁৰ পৰা।বহুতখিনি দিলে মোক আৰু তেওঁৰ পৰা মই একো নিবিচাৰোঁ মই।মোৰ ডিগ্ৰী শেষ হোৱা লৈ প্ৰান্তিক ইয়ালৈ ট্ৰান্সফাৰ হৈ আহিম কৈছে।কিন্তু সঠিক কৈ কোৱা নাই। যদি আহে ইয়াতে থাকি লৈ একেবাৰে বিয়া পাতিব। নাজানো আমি কিমান দূৰ সফল হওঁ।মা দেউতাৰো একো আপত্তি নাই। এতিয়া মাথো সেই ক্ষণলৈ অপেক্ষা।

আগলৈ.....

✍️ পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)