ৰুণজুন (খণ্ড-৩১)~ধাৰাবাহিক উপন্যাস - মীনা পামে গাম

©Admin
0

    পিছদিনা পুৱা চান, মুন আৰু ৰুণে ডাইনিঙৰ চকীত বহি চাহ আৰু ব্ৰেকফাষ্ট খাবলৈ বহিছে । ৰিহণ ৰুমৰ পৰা ওলোৱাই নাছিল । ৰুণেও মাতা নাছিল । ৰিহণে কিনাে কৰে সেই অভিব্যক্তিবােৰ ৰুণে চাই আছিল । তিনিওজনে বহুত দিনৰ মূৰত লগ পাই ফুৰিবলৈ লগ ধৰিলে যে তেওঁলোক টাৱাঙলৈ যাব ।

চানে গৈ দেউতাকক জগালে আৰু টাৱাঙলৈ লৈ যাবলৈ ক'লে । ৰিহণৰ যোৱাৰ মতলব নাই ।
ইপিনে আগদিনা সকলোৰে হাতত ৰিহণ ধৰাশায়ী হোৱাৰ নিচিনা হ'ল ।
ভিতৰি ভিতৰি ৰুণৰ আগত লজ্জিত হৈছে ।
তেওঁ একো ক'বও নোৱাঁৰে ।
সকলোৱে কথাখিনি জনাৰ পিছত ৰিহণৰ মানুহৰ আগত দেখা দিবলৈ বেয়াই লাগিল ।
পুৱা মাত্ৰ ব্ৰেকফাষ্ট কৰি আকৌ ফ্লাইটৰ টিকট কৰি ড্ৰাইভাৰক মাতি বিমান বন্দৰ পালেগৈ ।
ৰুণে সকলোবােৰ চাই থাকিল ।
    ৰুণৰ হৃদয়ৰ জ্বলা জুই জ্বলিয়েই আছে , নুমোৱা নাই । সকলোবােৰ সামৰি- সুঁতৰি মুনলিমাক লগ ধৰিলে শদিয়ালৈ যাবলৈ আৰু তেওঁলোকো চানহঁতৰ লগত যাবলৈ ৰাজী হ'ল । সেয়ে আজি সকলোবােৰ ঠিক-ঠাক কৰিলে । দুখন স্কৰপিয় গাড়ী ল'লে আৰু ৰেদি ফুড আদি যোগাৰ কৰি ল'লে । মুনলিমাৰ গিৰিয়েকো ওলাল । আগদিনাৰ ঘটনাৰ পিছত ৰুণে চান আৰু মুনৰ মন ভাল লগাওঁ বুলিয়েই ওলাল ।
দেউতাকে মাকৰ সৈতে কথা নাপাতা কথাবােৰ সিহঁতক কেনেকৈনো ক'ব (?) , একো নক'লে সিহঁতক নজনোৱাই ভাল, সেয়ে মনৰ ভিতৰতে দুখবােৰ ভৰাই থলে ।

সেইদিনা চান আৰু মুনক ৰুণে ম'লত লৈ গ'ল আৰু ঠাণ্ডাৰ বাবে জেকেট , টুপি , মোজা আদি দৰকাৰ হ'ব পাৰে বুলি লৈ ল'বলৈ ক'লে । দুইটাই বহুত দিনৰ মূৰত মাকক পাই বহুত ভাল পালে আৰু লাগা কাপোৰবােৰ লৈ ল'লে ।

ম'লৰ পৰা ওলায়েই বাহিৰে বাহিৰে সৰু ভনীয়েকক লগ ধৰিবলৈ গ'ল তায়ো মান্তি হ'ল ।

ৰুণৰ মাক - দেউতাকৰ মনতো সম্পূৰ্ণ ফৰকাৰ হৈ থকা নাছিল । যোৱাকালিৰ ঘটনাটাে সেইদিনাও মনত ক্ৰিয়া কৰি আছিল । ৰুণেও বৰ বেছি কথা পতা নাছিল । আইতাকে চান -মুনক পাই আথে- বেথে বহুৱাই কি খোৱাও , কি বোৱাও কৰিলে ।
সিহঁত খোৱাত ব্যস্ত আছিল মাহীয়েকৰ লগত ।
সকলোৰে মন যেন ডাৱৰে আৱৰি আছিল । চান আৰু মুনে একো গমেই নাপালে ক'ত কি হৈছে মাক - বাপেকৰ মনত ।

পিছদিনা শদিয়ালৈ বুলি যাত্ৰা পুৱা ছয় বজাত দুয়ােটা পৰিয়াল ওলাব ।
যাত্ৰা সময়মতে আৰম্ভ হ'ল ।
শদিয়াখন চাবলৈ যাব আৰু দলংখনো ইমানদিনে চোৱাই নাছিলে সিহঁতে । গৰমৰ মাজতে ফুৰিলেও ভালেই লাগিলে চানহঁতৰ । 
দিনত শদিয়া দলঙৰ আশে-পাশে থকা ভাতৰ হোটেলতে ভাত খালে ।
লকেল মাছ ভজা ।
কুমলীয়া ঔটেঙাৰে মাছৰ আঞ্জা, মাটি দাইল, বাঁহ গাঁজৰ আচাৰ, ঢেকীয়া ভজা , কঁঠাল গুটিৰ পিটিকা, জিকা -ৰঙালাওৰ ভাজি, সঁৰিয়হৰ খাৰলি আদিৰে ভাত খালে । ধুনীয়া তাজা ৰৌ মাছ ভজা গৰমে-গৰমে খাই বৰ ভাল পালে । সাধাৰণতে সদায় নোখোৱা শাক-পাচলি আৰু আঞ্জা খাই সকলোৱে ভাল পালে ।
শদিয়াৰ নৈসৰ্গিক সৌন্দৰ্য্য আৰু শদিয়া দলং গছকি মনবােৰ সকলোৰে মুকলি মুকলি লাগিল ।

দিনত তাৰ পৰা ঘূৰি আহি ডিব্ৰুগড়ৰে হোটেলত থাকিল । ৰুণে ভাবিলে গধুৰ মনতো চান -মুনৰ কাৰণেই আজি অলপ পাতল-পাতল লাগিছে । মানুহ একে পৰিৱেশত অনবৰতে সোমাই থাকিলে মনবােৰো মুকলি হৈ নাথাকে ।
সুন্দৰ পৰিৱেশে অলপ হলেওঁ দীঘলকৈ উশাহ লোৱা সুবিধাকণ দিয়ে ।
নিজকে কিছুদিন আগতে আধামৰা হোৱা যেনেই অনুভৱ কৰিছিল । 
ৰুণ, ইহঁতৰ কাৰণেই জীয়াই থাকিব লাগিব ।
মনৰ শোকবােৰ ঢাকি চানহঁতৰ লগত কটাবলৈ ৰুণে যত্ন কৰিছিল ।
কাৰণ , দেউতাক নিজক লৈয়ে ব্যস্ত । সেয়ে ৰুণে ভাবিলে ময়েই পৰিয়ালৰ পৰিৱেশতো আনি সিহঁতক সুষ্ঠ মানসিক বাতাৱৰণ এটা আনি দিব লাগিব ।
বুকুৰ শিলহেন দুখ গলাই লৈ সহজ হ'বলৈ যত্ন কৰিছে ৰুণে !!!

চান আৰু মুন দুইটা শুলে ।
বহুত ৰাতিলৈকে গুজৰি-গুমৰি থকা মনবােৰ নিজেই পাতল কৰিবলৈ চেষ্টা কৰিছিল ।
এতিয়া সময় নহয় , চানহঁতৰ আগত বিষাদৰ টোপোলা মেলি কান্দোনৰ মেলা পতাৰ ।
বহুত চিন্তা কৰি শােকবােৰ ঢাকি থৈ সিহঁতক সুখী কৰিবলৈ ৰুণে যত্ন কৰিছিল ।
ল'ৰা দুটাৰ সুখেই ৰুণৰ সুখ এতিয়া । ৰাতিপুৱাবলৈ হওঁ-হওঁ হওঁতেহে ৰুণৰ টোপনি আহিছিল ।
   পুৱা সকলোৱে গা -পা ধুই ব্ৰেকফাষ্ট কৰিছিল । আজি ডিব্ৰুগড়ৰ পৰা যাবগৈ। পুৱা শিৱসাগৰলৈ যাব আৰু শিৱদ'ল, তলাতল ঘৰ, ৰংঘৰ আদি চাই হোটেলতে ভাত খালে । তাৰ পিছত গুৱাহাটীলৈ বুলি উভতিবলৈ ল'লে ।

( আগলৈ)

✍️ মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)