"ধেইৎ ... ৰাতিপুৱাই পুৱাই কিহৰ ডি.জে ডাল বাজে ... ঐ হাৰামি,চাইলেন্ট কৰ ফোন.... উফ্ কি যে অশান্তি... ঐ ফাল্টু, ভলিউম কমা..." চকুকেইটা নেমেলাকৈয়ে অংকুৰে কথাখিনি ক'লে। বাৰে বাৰে এলাৰ্ম ক্ল'কৰ হাই ভলিউমত টোপনি ভাঙি তাৰ ভীষণ অশান্তি লাগিছে। মুখখন বিকটাই সেমেনা সেমেনি কৰি আধামেলা চকুৰে সি উঠিব খুজে। বিফল হৈ আকৌ বিচনাখনত ধুপুচকৈ পৰে। এনেকৈ যিমানবাৰ এলাৰ্ম বাজে সি বাৰে বাৰে সাৰ পাই উঠে। ৰঞ্জিতৰ ইফালে কোনো সাৰসুৰেই নাই। ৰাতি গেম খেলি খেলি তিনিটা মানত শুই এতিয়া ঘোৰ টোপনিত। সদায় এলাৰ্ম লগাই শুৱাৰ নিয়ম তাৰ। কিন্তু এদিনো এলাৰ্ম বজাৰ শব্দত উঠি নাপালে। অংকুৰ চিঞৰি চিঞৰি ভাগৰি যায় অথচ কোনো উঠি বন্ধ কৰিব নোৱাৰে । ছয়টা বজাত এলাৰ্ম লগাই দুইটাই কিন্তু ক্লাচ কৰিব যোৱাৰ আগে আগে আঠ/ন মান বজাতহে উঠে। শুৱাৰ আগত সদায় কয় অংকুৰে ৰঞ্জিতক এলাৰ্ম অন নকৰিবলৈ। কিন্তু ৰঞ্জিত "আদত ছে মজবুৰ", এলাৰ্ম দিবই সময়মতে সাৰ পাওঁক বা নাপাওঁক।
"ড'ন্ট ইউ গিভ আপ.... ন' ন'.... আই ৱন্ট গিভ আপ ন' ন'.... লেট মি লাভ ইউ... অ' অ' লেট মি লাভ ইউ... " এইবাৰ দুগুণ হাই ভলিউমত এলাৰ্ম ক্ল'ক বাজি উঠে। চেটিংচত গ্ৰেজুৱেলি ভলিউম ইনক্ৰিছ্ড অপশ্যনটো অন কৰি থোৱা আছিল। এইবাৰ অংকুৰৰ খঙে চুলিৰ আগ পাইছেগৈ। একেজাপে বিচনাৰ পৰা উঠি প্ৰায় দৌৰি অহা যেন কৰি ৰঞ্জিতৰ টেবুলৰ ওচৰ পালেহি। চাৰ্জত লগাই থোৱা ম'বাইলটো হাতত লৈ "এলাৰ্ম অফ" অপশ্যনটোত টিপি বন্ধ কৰি দিলে। এলাৰ্মৰ মাত বন্ধ হোৱাত সি শুনিবলৈ পালে.... " ঐ মক্কেলহঁত... তহঁত দুটাৰ পৰা শান্তি নাই মানে... ৰাতিপুৱাৰ সময়কণ ভালকৈ শুব নিদিয়... গোটেই হোষ্টেলখন ফাটি যাব এতিয়া... বন্ধ কৰ এলাৰ্ম ..." ওচৰৰ ৯নং ৰূমৰ ভাস্কৰে চিঞৰি চিঞৰি ক'লে। দীঘলকৈ উশাহ লৈ চকুকেইটা মোহাৰি মোহাৰি অংকুৰ বাহিৰলৈ ওলালে। দৰ্জাখন মেলিয়েই চেঁচা বতাহ এজাক তাৰ গালে মুখে চুই গ'ল।
আগষ্ট মাহৰ এনেকুৱা সময়ত জালুকবাৰীখন ধুনীয়া হৈ থাকে। বৰ্ষা ঋতুৰ পৰশত বিশ্ববিদ্যালয়ৰ সেউজীয়াখিনি সতেজ আৰু সজীৱ হৈ থাকে। সদ্যস্নাতা যুৱতী যেন ভিজা চুলিখিনি এচাৰি এচাৰি এমোকোৰা হাঁহিৰে "পুৱাৰ অভিবাদন" আটাইকে জনাইছে। গোটেই ৰাতি বৰষুণত তিতি এতিয়া ৰাতিপুৱাৰ ৰ'দৰ পোহৰকণ পাই দেৱদাৰু গছজোপাৰ পাতখিনি জিলিকিছে । মুখত ব্ৰাচডাল লৈ অংকুৰে হোষ্টেলখনৰ বাৰান্দাত বহি ভাবিবলৈ ধৰিলে। যোৱাকালিৰ কথাও আজিকালি সি পাহৰে । ছৌবিশ ঘন্টাই ম'বাইলটো হাতত লৈ থাকি আজিকালি সি একো নতুন কথাৰ চিন্তা নকৰে। অলপ আগতে হৈ যোৱা কথাখিনিও পাহৰে। এতিয়া বাৰান্দাত বহি ভাবি ভাবিহে তাৰ মনত পৰিছে। কালি ঘৰৰ পৰা ফোন আহিছিল। তাক ঘৰত মাতিছে। নদীৰ পানী আৰু বাঢ়িছে হেনো। পথাৰখন ডুব গৈছে। ভূঁই ৰুব পৰা নাই। বানপানী অহাৰ সম্ভাৱনা আছে ।গতিকে ঘৰত গৈ দুই এপদ কাম সহায় কৰি দিব লাগে। কথাখিনি মনত পেলাইয়ে তাৰ বিৰক্তি লাগি গ'ল। গৰমৰ বন্ধৰ চুটিৰ পৰা সিদিনা আহিছিলহে, আকৌ ঘৰলৈ যাবলৈ হ'লেই। এতিয়া মনত পৰিছে তাৰ। ৰূমমেট ৰঞ্জিতক সি নিজেই ছয় বজাৰ সলনি পাঁচ বজাত এলাৰ্ম দিবলৈ কৈছিল। সোনকালে উঠি ঘৰলৈ যাব লাগে। মনত পৰিয়ে সি মনে মনে হাঁহিলে। বেচেৰা ৰঞ্জিতক এনেই গালি পাৰি আছিল। ততাতৈয়াকৈ মুখ হাত ধুই সি ৰেপিড' মাতিলে। জালুকবাৰী ফ্লাইঅভাৰ'লৈকে ৰেপিড' বাইকত যাব লাগিব। ইমান ৰাতিপুৱাই ইউনিভাৰ্ছিটিৰ ভিতৰেদি বাছ নচলে। সি গা পা ধুই হোৱালৈ ৰেপিড' আহি পালে । ৰূমমেট ৰঞ্জিতক নজগোৱাকৈয়ে সি হোষ্টেলৰ পৰা ওলালে । বাইকেৰে গৈ থাকোতে সি ভাবিলে - সময়, কথা আৰু সব মুহূর্তবোৰ বৰষুণৰ দৰে। হৈ থকা সময়তহে তাৰ উপস্থিতিৰ অনুভৱ কৰায়। ধাৰাসাৰে হৈ থকা বৰষুণে এঘন্টা বা দুঘন্টাৰ কাৰণে সবকে বন্দী কৰি ৰাখে ঠিক, কিন্তু তাৰ পিছত মুহূর্ততে শেষ হোৱাৰ লগে লগে সবে পাহৰি যায়। মানুহৰ জীৱনৰ ঘটনা, কথা, সময়বোৰো তেনেকুৱাই । পাৰ হোৱাৰ পিছত পাহৰি যোৱা যায়.... বৰষুণৰ দৰে। মৰ্ণিং এক্সাৰছাইজ কৰিবলৈ বিশ্ববিদ্যালয়ৰ মূল ৰাস্তাত মানুহবিলাক ইফাল সিফাল দৌৰি আছিল। তেতিয়াও কিন্তু চিপ্ চিপ্ কৈ বৰষুণ দিয়ে আছিল....
আগলৈ...
✍️কে. টেৰণ
নগাঁও অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ