প্ৰিয়াৰ চিঠি

মৰম, 
কেনে আছা তুমি
ভালে আছাতো ?
আজি বহুত দিনে হ'ল তোমাৰ খবৰ নোপোৱা,
কেতিয়াবা এনে লাগে
তুমি মোক পাহৰি গ'লা!
আকৌ মনত পৰে
তুমিতো কোনো দিনে
মোক পাহৰা নাই ।
মই ইয়াত বৰ সুখী জানা
মাটিৰ সিপাৰেও ম‌ই 
তোমাৰেই অপেক্ষাত ৰ‌ওঁ,
জানা, কেতিয়াবা মন যায়
আকৌ সেই চিনাকি ধৰালৈ ঘূৰি যাবলৈ ।
কিন্তু নোৱাৰোঁ,
কোনোবাই কৈছিল মোক
পুণৰ জনমৰ কাহিনী ।
বিশ্বাস নাই মোৰ আৰু নকৰোঁ,
মোথো অপেক্ষা কৰোঁ তোমালৈ, তুমি আহিবানে ?
শুনা, মোৰ সমাধিৰ ওপৰত
এজোপা‌‌ ফুলৰ গছ ৰুবাচোন,
আৰু মাজে মাজে তদাৰকো কৰিবা !
চাবা, ফুলবোৰ যেতিয়া সতেজ হৈ ফুলি উঠিব,
তুমিও মোৰ সুখ অনুভৱ কৰিবা।
আকৌ মিচিকিয়াই হাঁহিবা
সকলোবোৰ একেই আছে জানা,
 মই আজিও তোমাৰ হাঁহিটিৰ বাবে পাগল ।
আজিও তোমাৰ খং অভিমান, মৰমবোৰ বুকুত সাঁচি ৰাখিছোঁ ,
তুমি সদায় এনেকৈয়ে থাকিবা 
কথা দিলো তোমাক,
সিদিনা তুমি মাটিৰ সিপাৰে আহিবা
মই ৰৈ থাকিম তোমাৰ স্বাগতমৰ বাবে।
কিন্তু খৰ-ধৰ‌ নকৰিবা ,বৰ শান্তি লাগে তোমালৈ অপেক্ষা কৰি,
মোৰ এৰি থৈ অহা আয়ুসবোৰ তোমাৰ বাবে ।
আৰুনো মোৰ কি‌ আছে ?
যদি মোৰ চিঠিখন পোৱা পঢ়ি চাবা,
আৰু মোৰ সমাধিৰ ওপৰত
এজোপা ফুলৰ গছ ৰুবা
আজিলৈ সামৰিলো ।
          ইতি
    ‌তোমাৰ প্ৰিয়া

🖋️দীপালী তচা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send