এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায় (খণ্ড-২৬)

Rinku Rajowar
0
গাড়ীৰ পৰা নামি সেইকন খোজ কাঢ়িয়েই আহিছো।মনটো কিবা ভাল লগা নাই আজি।পাখিক চৰ টো মৰা পাছত নিজকে বহুত দোষী দোষী লাগি আছে।কিন্তু মোৰ উপাই নাছিল। পাখিয়ে কৰা বিশ্বাসঘাটকতাৰ ফলত তাই শাস্তি পাব লগীয়া হ'ল।
         গৈ থাকোতে ৰাস্তাৰ কাষতে নয়নক ৰৈ থকা দেখিলোঁ। সেইদিনাৰ পৰা তাক দেখিলেই মোৰ খং উঠা হৈছে।অলপ গহীন হৈ মই আহি আছো।
" ঐ জীয়া কি খবৰ?"
পাছফালৰ পৰা সি মতা শুনিলো। একো উত্তৰ নিদিলো মই।
" শুনিছোঁ তোৰ বহুত ভাল বোলে?""
আকৌ সি মতা দেখি এইবাৰ খংটো উঠি আহিল মোৰ।
___________ কি হ'ল তোৰ? মোৰ খবৰ ভাল,বেয়া তোক কিয় লাগে? আৰু মই নমতাৰ পাছতো যে এনেকৈ নিলাজৰ দৰে পাছে পাছে আহি চিঞৰি আছ"?
নয়ন_________ আও... খৱৰ সোধোতেই যে এনেকৈ গোটেই জনী জাঙোৰ খাই উঠিছ" কিনো বেয়া কথাটো সুধিলো মই...?
তাক একো নোকোৱাকৈ মই আকৌ আহিব ল'লো।

নয়ন________ ঐ শুনিছোঁ প্ৰান্তিকে তোক এৰি বেলেগ এজনীৰ ওচৰলৈ গল।

হাঁ.......কথাটো শুনি মই ৰৈ যাবলৈ বাধ্য হ'লো। প্ৰান্তিকৰ কথা নয়নে কেনেকৈ গম পালে? তাকো নামৰ সৈতে?
_________ তোক এইবোৰ কথা কোনে ক'লে?
নয়ন_________ কোনে কৈছে সেইবোৰ বাদদে। সেইকাৰণে কৈছিলো তোক মোক এবাৰ ভাল পাই চা। কিন্তু তই মোৰ কথা নুশুনিলি। এতিয়াও সময় আছে মোক ভাল পাই ল" কেতিয়াও তোক প্ৰান্তিকৰ নিচিনাকৈ এৰি নাযাও‍ঁ।বহুত সুখত ৰাখিম।

কথাটো কৈ কৈ সি জেপৰ পৰা চিগাৰেট এটা উলিয়াই জ্বলাই ল'লে।
__________ চা নয়ন তোক সেইদিনাই কৈছিলো।মোক তই এইবোৰ কথা নক'বি। গাঁৱত যদি তোৰ শান্তি কৈ থাকিব মন আছে তেতিয়া ভাল কৈ থাক, এনেই এনেই মাৰ খোৱা কাম বোৰ কৰি নাথাকিবি। এনেও গাঁৱৰ মানুহে জানে তই কেনেকুৱা ল'ৰা। গতিকে.......?

কথাটো কৈ মই আঁতৰি আহিলো। প্ৰান্তিকৰ কথা সি কেনেকৈ গম পালে তাক আৰু সুধি নাথাকিলো।জানো! এনেও সি সঁচা কথা নকয়। কিন্তু কোনোবাই যে তাক এইবোৰ কথা কৈ আছে সেইটো ঠিক। নহ'লে মোৰ লগত কি হৈছে সি ইয়াত থাকি কেনেকৈ গম পাব। পাখি আৰু বৰ্ষাৰ বাহিৰে প্ৰান্তিকৰ কথা কোনেও নাজানে। কিবা এটা ৰহস্য ইয়াত নিশ্চয় লুকাই আছে। মাৰ ওপৰতো খং এটা উঠি আহিছে। নয়নে মোক এইবোৰ কথা কোৱা মাক মই হোষ্টেল যোৱাৰ পাছতে কৈছিলো।মায়ে তাক ভালকৈ কথাটো বুজাম বুলি কৈছিল কিন্তু আজি নয়নে আকৌ মোক এইবোৰ কথা কৈছে। দিম গৈ মাক আজি।

ঘৰ পালোহি। মুখ খন এপাচিমান কৰি ভিতৰলৈ সোমাই গৈছো।মায়ে টি.ভি চাই আছিল।

"জীউ আজিয়েই আহিলি যে? ফোনত দুদিন মানৰ পাছত হে আহিম কৈছিলি।
_________ এনেই গুছি আহিলোঁ ।
" ফোন এটা কৰি দিয়া হ'লেও হয় দেখোন দেউতাই আনিবলৈ গল হেঁতেন নহয়।
__________ হুমম্
"কি হল মুখ খন ফুলাই আছ" যে...?"
__________ সেইদিনা তোমাক নয়নৰ কথা কৈছিলো নহয় তুমি তাক ক'লা নাই।
" ওম মই তাক বহুত ধুনীয়াকৈ বুজাই আহিছো। সি তেনেকুৱা আৰু নকৰোঁ বুলি কৈছিল।কথাটো যেনিবা দেউতাৰাক কোৱা নাই।নহ'লে দেউতাৰ কথাটো তই জানই। কিয় আজিও সি কিবা ক'লে নেকি?
_________ এতিয়া আহোঁতে লগ পাইছিলো।যিটি কথা কৈছে। মোৰ একদম খং উঠি গৈছিল।
" ৰ" আজি দেউতাৰ লগত কথাটো পাতিব লাগিব। ইয়াক ভালেৰে বুজাই লাভ নাই। সদাই সদাই ৰাস্তাত ধৰি ছোৱালী এজনীক যিটি কথা কোৱা দেউতাই সুদাই নেৰে। যা তই হাত মুখ ধু গৈ।মই খাবলৈ কিবা এটা বনাও।

আগলৈ.....

🖋️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)