নিৰাশাৰ বন্তি

জীৱনৰ বন্তি জ্বলাই 
ভগ্ন হৃদয়ক ফুচুলাই
দিন ৰাতিক একাকাৰ কৰি
নিৰৱে নিৰৱে সুঁৱৰি থাকোঁ 
অতীতৰ ৰোমান্টিক স্মৃতিবোৰ। 

কাঁইটেৰে আবৃত যদিও 
কাঁইটেৰে নিবিন্ধাকৈয়ে কাষ চাপি সুগন্ধি লৈছিলোঁ ,
সুভাসত বিভোৰ হৈ খিলখিলনি হাঁহি মাৰি
অবুজন ভাষাৰে জীৱনৰ বাট মেলিছিলোঁ। 

কিনকিনীয়া বৰষুণৰ মুকুতা
অক্ষয়শীল জীৱনৰ দোমোজাৰ প্ৰতীক 
মেঘৰ গুণগুণনি ,ব্ৰজপাতৰ ঢেৰেকণিত
কঁপি উঠে হৃদয়খনি ।

🖋️মিন্টু দোলাকাষৰীয়া।
     ডিব্ৰুগড়

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send