মহিষাসুৰ মৰ্দিনী দুৰ্গা

©Admin
0
মহালয়াৰ শাৰদীয় আগমনত 
শৰতৰ শাৰদীয় সুবাস আকাশে বতাহে ,
হে দেৱী দুৰ্গা ,
তোমাৰ আগমনত -
বৰষাৰ গীতটো শেষ হৈছে মাথোঁ ,
তোমাৰ আগমনত -
পদ্ম ফুলবোৰে হেঁপাহত হাঁহি উঠিছে,
তোমাৰ আগমনত -
শেৱালিজোপাই নিয়ৰৰ মণি-মুকুতাৰ 
মালা পিন্ধি উলাহতে সাজিছে কাচিছে ,
শৰতৰ কোমল পৰশ হৃদয়ত লৈ
তোমাৰ ছবি সঁজাইছো ,
তোমাৰ আগমনত -
পোহৰত ৰমক্ জমককৈ সাজি উঠে
মোৰ নগৰ চহৰ ,
দৰিদ্ৰয়েও বছৰৰ সাঁচতীয়া ধনেৰে 
উল্লাসিত হৈ ,
সহস্ৰবাৰ দুৰ্গতি বিনাই তোমাক ,
তুমিয়ে মহিষাসুৰ মৰ্দিনী
তুমিয়ে দুৰ্গতি নাসিনী 
পৃথিৱীত হোৱা সকলো বিনাশ দূৰ কৰি শান্তি প্ৰদান কৰা মা ।।

✍️ডলী গোস্বামী
তেজপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)