এক এগুণ এক
দুই দুগুণ চাৰি কৰি
নেওঁতা মাতা
পুৱা গধূলি ,
যেতিয়া তুমি
প্ৰাইমেৰীৰ চলী ( ছোৱালী) ।
সলসলীয়া নেওঁতা
কৰা মুখস্ত,
ন'হব তোমাৰ
অংক জংক-পংক ॥
শিশুতেই পঢ়া
শিশুতেই দিয়া
পূৰা কন্ঠস্ত ॥
বুঢ়া বয়সত
নেওঁতা মাতিলেও
কাহানিও নৰয়
মন মগজুত ॥
সময়ৰ কাম
সময়ত কৰা ,
সময়ত ফল
হাততে পাবা ॥
শিক্ষকৰ কথা
শুনে যি
ডাঙৰ মানুহ
হয় সি ॥॥
✍️মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ