এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায় (খণ্ড-২১)

সময়ৰ মেৰপাকত আজি তিনিটা মাহেই সম্পূৰ্ণ হ'ল প্ৰান্তিক আৰু মোৰ বিচ্ছেদ হোৱা। এই তিনিমাহত যেন মোৰ লগত বহুত কিবা কিবি হৈ গল। ইফালে প্ৰান্তিকে কোনো ধৰণৰ চিন্তা চৰ্চা নোহোৱাকৈ জীৱনটো উপভোগ কৰাত ব্যস্ত। তেওঁ এতিয়া সপোনৰ পাছত দৌৰিছে আৰু মই মোৰ হেৰুৱা অতীতৰ পাছত। কেতিয়াবা ক্ষোভত,কেতিয়াবা মোহত জীৱনটোৰ প্ৰতি যেন মোৰ ধিক্কাৰ জন্মে।নিজকে শেষ কৰি দিব মন যায়। কিন্তু কাৰ কাৰণে এইবোৰ কৰিম মই ? নিজক সোধো কেতিয়াবা। মোৰ মা দেউতা আছে। সপোন আছে মোৰো। তেওঁলোকৰ কাৰণে জানো মই জীয়াই থাকিব নালাগিব। প্ৰান্তিক নো কি? ধুমুহাৰ নিচিনাকৈ এদিন মোৰ জীৱনলৈ আহিল আৰু এদিন ধুমুহাৰ নিচিনাকৈ গুছি গল। তেওঁৰ এতিয়া সময়ৰ অভাৱ।নতুন ঠাইত প্ৰতিদিনে লগ পোৱা নতুন নতুন মানুহৰ লগত তেওঁৰ আলাপ হয়।প্ৰান্তিকে দিয়া আঙুঠিটো এতিয়াও মোৰ হাততে আছে। আঙুঠিটো দেখিলে বৰকৈ মনত পৰে।এদিন বৰ্ষাই কৈছিল প্ৰান্তিকৰ পুৰণা ফোন নম্বৰটো আৰু নাই।সেইটো সলাই নতুন নম্বৰ ল'লে। মই আমনি কৰিম বুলিয়ে হয়টো তেওঁৰ এইবোৰ সলনি কৰিলে। হ'ব একো নাই। এতিয়া আকৌ মই নিজকে চম্ভালিব পৰা হৈছো। কিমান কান্দি কান্দি দিন ৰাতি পাৰ কৰিম? এই তিনিমাহত মোৰ চকুৰ চকুপানী শুকাই মৰিচীকা হ'ল। এতিয়া সেইকাৰণে নিজক লৈ ব্যস্ত। মাজে মাজে বৰ্ষা আৰু স্বাগত দাই ফোন কৰি মোক বুজাই, সান্তনা দিয়ে। মই বুজি পাওঁ। হয়টো বৰ্ষাহঁত আছে বাবেই মই আকৌ থিয় হ'ব পাৰিছো। 

       পৰীক্ষা হৈ আছে আমাৰ এতিয়া। মোৰ প্ৰায় পৰীক্ষা শেষ হ'বই হৈছে।আৰু দুটা বাকী আছে। পাখিহঁতৰ শেষ হ'বলৈ ভালেমান দিন আছে। আজিকালি পাখি অলপ গহীন হৈ থাকিব লৈছে।মোৰ লগত ভালকৈ কথা বতৰা পাতিব নিবিচাৰে।কিবা যেন তাই মোৰ পৰা লুকুৱাই আছে। মোক কিবা বেয়া পাই থকা নিচিনা লাগে। কিন্তু তাই মোৰ ইমান ভাল বান্ধৱী, তাই মোক কেতিয়াও বেয়া পাব নোৱাৰে।বেয়া পালে তাই খুলি ক'ব। হয়তো তাই ঘৰৰ কিবা অসুবিধা হৈছে চাগে যিটো মোক ক'ব বিচৰা নাই। সেইকাৰণে তাই এনেকৈ থাকিবলৈ লৈছে। ৰাতিপুৱা তাই পঢ়াৰ টেবুলতে বহি ফোন টো টিপি আছে। মইয়ো গৈ তাইৰ ওচৰতে বহিলোগৈ।

__________ কি কৰিছ? পঢ়া নাই।
মোক দেখি তাই সাউৎকৈ ফোন টো অফ কৰি দিছে। ইফালে মই দেখিলোয়েই।

পাখি________ নাই এনেই।
__________ মোক দেখি ফোনটো যে লুকুৱাই দিলি?
পাখি________ নহয় কিবা এটা চাই আছিলো হৈ গ'ল কাৰণে থৈ দিলো আৰু....
__________ উম....
কথাটো মই অলপো সহ্য কৰিব নোৱাৰিলো। তাই মোক ফাঁকি দিয়া নিচিনা লাগিল। উঠি গুছি আহিলো মই সেইখিনিৰ পৰা। অলপ পাছত তাই ক'ৰবালৈ যাবলৈ ওলাইছে।মোক একো কোৱা নাই ক'ত যাব ।
তথাপিও মই নিজেই সুধিলো....
_________ হঠাতে ওলাইছ' যে ক'ৰবাত যাৱ নেকি?
পাখি_________ উম..... অলপ ওলাই যাও‌ঁ।কাম এটা আছে।

মই আৰু সুধি নাথাকিলো। হঠাৎ তাইৰ কি কাম ওলালে তাই জানিব। আগতে ক'ৰবাত গ'লে তাই অকলে নাযায় লগত মোকো নিয়ে।কিন্তু আজি অকলে যাবলৈ ওলাইছে। ওলাই থকাৰ মাজতে ফোনটো চাই আকৌ ওলাব লয়। কিবা এটা হৈছে তাইৰ নিশ্চয়। শেষত ওলাই হৈ যোৱা পাছত তাই মোক একো এটাও নোকোৱাকৈ গুছি গল। তাই গুছি যোৱাৰ পাছত মই এনেই বিছনাতে পৰি আছিলো। বৰ্ষাই ফোন কৰিলে সেইটো সময়তে। প্ৰান্তিক আৰু স্বাগত দা হেনো যোৱা কালি ঘৰলৈ আহিছে। কেইদিনমান থাকিব এইবাৰ। কথাটো শুনাৰ লগে লগে মোৰ বুকুখনে চিৰিং কৰি গল। কিমান দিনৰ পৰা যে মই এইটো দিনৰ কাৰণে ৰৈ আছিলো। শেষত তেওঁ কালি ইমান দিনৰ মূৰত ঘৰলৈ আহিল। গুছি যাম যেন এতিয়াই তেওঁক লগ কৰিবলৈ। 

আগলৈ..........

✍️পূৰ্ণিমা হালৈ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send