শিলামূৰ্তি~ অনুভৱ-প্ৰিয়ম মিৰি

©Admin
0

সেই প্ৰাচীন শিলটো
শিলামূৰ্তিলৈ ৰূপান্তৰিত হোৱাৰ পৰা
মানুহৰ লানি নিছিগা সোঁত

তেতিয়াৰ পৰা এতিয়ালৈ
শিলামূৰ্তিটোৰ চৌদিশে নিতৌ জ্বলে
সুগন্ধি ধূপ-ধূনা শলিতা
অৰ্পিত হয় বৰ্ণিল পুষ্প

মানুহৰ বিশ্বাস---
এদিন শিলামূৰ্তিটো পূজা নকৰাৰ ফলত
ধৰালৈ সংকট দুৰ্ভিক্ষ নামি আহিছিল
নষ্ট হৈছিল খেতিয়কৰ ধাননি পথাৰ
দুখে বাহ লৈছিল মানুহৰ গাত

শিলামূৰ্তিৰ অলৌকিক আশীৰ্বাদে
সলনি কৰে মানুহৰ ভাগ্যৰ সুঁতি
বিদূৰ কৰে মানুহৰ অপায় অমংগল
সুৰক্ষিত কৰে মানুহৰ জীৱন 

শিলামূৰ্তিটো পূজা কৰিলে
স্থিৰ পৱিত্ৰ হয় মানুহৰ দেহ মন 
পোখা মেলে আত্মবিশ্বাস মনোবলৰ বীজ
স্পৰ্শ কৰে প্ৰশান্তিৰ শীতল সমীৰণ ।

✍️প্ৰিয়ম মিৰি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)