পাগল প্ৰেমিক-ৰূপজ্যোতি শইকীয়া

©Admin
0
শ্যাম হোটেলৰ ডিস্পোজেল গিলাচৰ এপিয়লা ফিকা
বন্ধুৰ উচটনিত ময়ো বহিলোঁ
নীলা চিঞাঁহী আজি উন্মোচিত হোৱাৰ পথত
প্ৰাণ সতীৰ পাগল প্ৰেমিক মই
তাই হাঁহে , উপভোগ কৰে নিৰৱতাবোৰ
হৃদয়ৰ ভাষাবোৰ তাই বুজি পায়
হাঁহি মাৰি কয় , কওঁক কিবা এটা
মোৰ বুকুৰ মাৰলঘৰত তচনচ কৰে
শব্দবোৰ কেনিবা পলাল________
ডম্বৰু বজাই কৈলাশ কপাঁই
শিৱ আজি নিমাত
সতীৰ বুকুত গুজি দিয়া গোলাপৰ সন্দেহৰ শৰ
জঁটাধাৰী নিমাত কিয় ?
বাহিৰত দোপালপিতা বৰষুণ
ঠিক ভিতৰতো .........
প্ৰস্তাৱ এটা লিখি অনা হৈছিল
নীলা কামিজৰ বাওঁ পকেটত
উলিয়াই পঢ়াৰ সাহস নহ'ল
হাড় ভঙা পক্ষী এটাৰ দৰেই
টেবুলত মূৰ গুঁজি পৰি ৰ'লোঁ
পাগল প্ৰেমিক
সময়বোৰে বুকুত সীৰলু খান্দে
সতী ,
কওঁক..........
ৰঙচুৱা শাৰীখন জিলিকিছে
সৰগী পাৰিজাত হৈ ...........
তাই হাঁহে ___________
এবাৰ ভালপাওঁ বুলি কোৱাচোন
কপালত গুঁজি দিম এখন চন্দ্ৰতাপ
ৰাঙলী হাঁহিৰ বৰ্ণময় সুবাসত
জীপাল হ'ব জীৱনৰ প্ৰতিটো পুৱা সন্ধিয়া
বন্ধুৱে গিৰ্জনি মাৰি হাঁহিল
প্ৰস্তাৱ নে অনুৰোধ ___
পাগল প্ৰেমিক মই
সতীৰ প্ৰেমত কৈলাশৰ ঠিকনা হেৰুওৱা
অঘৰী শিৱ মই পাগল প্ৰেমিক
অপেক্ষাৰত ____
দীৰ্ঘম্যাদী দিনবোৰ , উজাগৰী নিশাবোৰ তত্ত্বগধুৰ
উকা হৈয়ে ৰ'ব নেকি কৈলাশ
শিৱৰ নিৰ্দয় হৃদয় ____
দৰদী কণ্ঠত জটাধাৰীৰ দেহবিচাৰ_____

অনুভৱ কৰিলোঁ এটি বিশেষ পংক্তি
ৰামৰ অপেক্ষাত যেন তাই ব্যাকুল অহল্যা
তেন্তে কিয় প্ৰত্যাখ্যান কৰিল হৃদয়
উত্তৰ বিচাৰি সময়ক চলাথ কৰিলোঁ
কিজানি হেৰুওৱা সময়বোৰ হাতৰ মুঠিত বিচাৰি পাওঁ ।

✍️ ৰূপজ্যোতি শইকীয়া
টীয়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)