পকা ধানৰ মাজে মাজে~অনুভৱ-হেমেন হাজৰিকা

©Admin
0

ঘনঘোৰ বাৰিষত অক্লান্ত পৰিশ্ৰম কৰি মূৰৰ ঘাম মাটিত পেলাই , হাড়ক মাটি কৰি শ্ৰম কৰি আহাৰ--শাওণ মাহত খেতিয়কে পথাৰত সপোন সিঁচে | কিমান যে আশা খেতিয়কৰ ,তেওঁলোকৰ সপোনে যেন সাৰ্থক ৰূপ পায়;আহাৰ- শাওণ মাহৰ দোকোল টকা বৰষুণত তিতি কামকৰি থাকোতে কষ্টৰ কথা নাভাবে | লহপহিয়া খেতিদৰাক নিজৰ সন্তানৰ দৰে মৰম কৰে | মাজে মাজে পথাৰ চাবলৈ যায় | সেউজীয়া হৈ থন ধৰি উঠা খেতিদৰাৰ ওপৰেৰে বৈ যোৱা বতাহজাক চাই খেতিয়কে সন্তুষ্টিৰ হাঁহি মাৰে | খেতিদৰাৰ অপাই অমংগল নহওক বুলি , অনিষ্ট নহওক বুলি কাতি বিহুত বন্তি জ্বলাই সকলো অনিষ্টকাৰী পোক পৰুৱা জুইত জাহ যাওক বুলি ।লাহে লাহে খেতিয়কৰ শ্ৰমে হাঁহিৰ ৰূপ ধৰে | পথাৰে সেউজীয়া ৰং সলাই সোণালী ৰূপ ধৰে | তেতিয়া খেতিয়কৰ হিয়া আনন্দে নধৰা হয় | এনে এক শুভ মুহুৰ্তত এফাঁকি গীতলৈ মনত পৰে......
   পকা ধানৰ মাজে মাজে
    সৰু সৰু আলি 
    অ' সৰু সৰু আলি
   আলিত বহি গীত জুৰে
    জাক বালি মাহী অ
    সৰু সৰু আলি |
পকা ধাননি দৰাৰ মাজে মাজে থকা অকণ অকণ আলিবোৰ তেতিয়া পূৰঠ হয় |
তাৰ ওপৰেৰে খোজ কাঢ়ি ঘূৰি ফুৰিব পাৰি | তাৰ ওপৰত ঘাঁহ গজে | সেই ঘাঁহবোৰ কাতি নিব পাৰে গৰুক খুৱাবলৈ | তেনে সময়তে জাকে জাকে বালিমাহী চৰাইৰ আগমন ঘটে | দেখি সিহঁতক বৰ মৰম লাগে | মৰম লগা বালিমাহী চৰাইৰ গীত শুনিবলৈ ধাননিৰ কাষত ৰৈ থাকিব লাগে তেতিয়া মনটো আনন্দই হেচাঁ মাৰি ধৰে | পকা ধানৰ এটা গোন্ধ আছে | ফুৰফুৰিয়া গোন্ধে খেতিয়কৰ শ্ৰমৰ কথা পাহৰাই ৰাখে | কাতি বিহুৰ পিছৰ পৰা খেতিয়কে কাঁচিলৈ পথাৰত নামে | সোণগুটী ছপাবলৈ পথাৰত কেৱল শাৰি শাৰি সোণালী ধান | সেইবোৰ কাটি মুঠিবোৰ পথাৰত থৈ দিয়া ছবিখন দেখিলে আৱেগিক হৈ পৰো | তাৰ কিছুদিন পিছত সেইবোৰ থূপাই ঘৰৰ চোতালত আনি জপাই থৈ দিলে তাৰপৰা ওলোৱা এটা অনামী গোন্ধে মনটো পুলকিত কৰে | তাৰ পিছত মৰণা বাহ কি যে আনন্দ | গৰুৰ পিছে পিছে ঘূৰি ফুৰা | তাৰ পিছত খেতিয়কৰ জিৰণি নাই | বহু কাম | মৰণা মাৰি ভৰালত ধান থৈহে স্বস্তিৰ নিশ্বাস কাঢ়ে খেতিয়কে | এতিয়াও পকা ধাননি দৰা দেখিলে ক্ষন্তেক ৰৈ এবাৰ চাঁও আৰু লৰালিলৈ মনত পেলাই নষ্টালজিক হওঁ | কেনেদৰে ল'ৰালি , যৌৱন কটাইছিলো পকাধানৰ সৈতে কিন্তু সেইবোৰ এতিয়া ফিৰাই আনিব নোৱাৰা কথা | ৰোমন্থনহে কৰিব পাৰি |

✍️হেমেন হাজৰিকা
মিৰ্জা |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)