হে গুৰু শংকৰ

Rinku Rajowar
0
তোমাক শতকৌটি প্ৰণাম ,
পৃথিৱীত দুৰ্নীতিয়ে ছানি ধৰাৰ সময়ত ,
তোমাৰেই আৱিৰ্ভাৱ গুৰু ,
অনাথৰো নাথ তুমি গুণৰে সাগৰ ,
তোমাৰ গুণ সুঁৱৰি প্ৰভু ,
নতশিৰ কৰিলো স্মৰণ ,
হে গুৰু শংকৰ ,
তুমি আমাৰ গুণৰেই সৰোবৰ ৷
তোমাতেই বিচাৰি পাওঁ,
ভক্তিৰ এধানি লহৰ ৷
আহিন মাহৰেই পৱিত্ৰ তিথিত ,
তোমাৰ জন্ম প্ৰভু,
সকলোৰে বাবে আজি তুমি হ’লা ,
জগত গুৰু ৷
কীৰ্তন, ঘোষা , ৰত্নাৱলী ,
তোমাৰেই নাম প্ৰভু ,
নামঘৰৰ মজিয়াত বিচাৰিলেই তোমাক পাম ৷
ভাওনা পাতিলা , গীত মাত ৰচিলা ,
ন জন ভকতক একতাৰ দোলেৰে বান্ধি ,
তুমি গুৰু নামঘৰত ভক্তি চৰ্চা কৰিলা ৷
প্ৰভু তোমাৰ কৰুণাময় লীলা ,
তুমিয়েই সকলোকে একতাৰে বান্ধিলা ৷

🖊️দেৱশ্ৰী ওজা বৰা
বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)