সপোন দেখিছিলো

যোৱা নিশাৰ দুপৰত
দেখিছিলো মই
এজাক সেন্দুৰীয়া সপোন

সপোন দেশৰ তুমি আছিলা
মোৰ বিশেষ চিনাকী অতিথি

তোমাৰ প্ৰতিটো নিবিড় মুহূৰ্তই
মোৰ হৃদয়ত বোৱাইছিল
এক সৰগী সুখৰ বন্যা

বুজিব পাৰিছিলো মই
ঠিক আগৰ দৰেই
সজীৱ হৈ আছিল
তোমাৰ বুকুৰ একোণত
মনৰ গোপন কথাবোৰ

অৱশ্যে
তোমাৰ নিষ্কলুষ হৃদয়ৰ
আছুতীয়া পথাৰত
ৰোপণ কৰিব পৰাকৈ
সেউজীয়া হৈ আছিল
মোৰ হৃদয়ৰ মণিকোঠাত
সযতনে সাঁচি থোৱা
মৰমৰ পূৰঠ কঠিয়াবোৰ

তোমাৰ আশাভৰা দুচকুৰ
গভীৰ চাৱনিৰ মাজত
বিচাৰি পাইছিলো মই
মোৰ হেৰুওৱা ঠিকনা

জ্বলি জ্বলি শেষ হ'ব খোজা
আশাৰ চাকি গছি যেন
আকৌ উজ্বলি উঠিছিল

তোমাক সদায় কাষত পোৱাৰ
অদম্য হেঁপাহৰ ফুল ফুলিছিল
মোৰ ব্যাকুল মনৰ মাধুৰী বনত

সপোনৰ ৰংচঙীয়া আলয়ত
আনে বুজিব নোৱাৰাকৈ
আধৰুৱা হৈ থকা
মনৰ গোপন কথাবোৰ
পাতনি মেলাৰ পৰত
গমকে পোৱা নাছিলো
কেনেকৈ হঠাৎ সাৰ পাই উঠিলো

সপোনজাক কিছু সময়
ওলমি আছিল দুচকত

বাৰে বাৰে চেষ্টা কৰিছিলো
আলফুলে চকু দুটা মুদি
সপোনজাক উভতাই পাবলৈ
কিন্তু বিফল হৈছিলো

বৰ দুখ লাগিছিল অন্তৰত
সপোনজাক এনেদৰে
হেৰাই যোৱাৰ বাবে

সঁচাকৈয়ে
সপোনবোৰ বৰ নিষ্ঠুৰ
মনত ৰং দিয়াৰ চলেৰে
দুখ দি গুচি যায় ক'ৰবালৈ

বহু দিন পাৰ হৈ গৈছিল
তোমাক ক'তো লগ নোপোৱাকৈ
সপোনতে আহি দিছিলা দেখা

যি নহওক কিয়
স্বীকাৰতো কৰিবই লাগিব
মোৰ প্ৰতি দেখুওৱা
তোমাৰ আচৰণত যেন
কোনো কৃপণালি নাছিল

🖋️মোহন পাঠৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send