তুমি মোলে বাট নাচাবা...
হয়তো থিয়ই গিলিম দুগৰাহ
তুমি ৰুগ্ন দেহেৰে বনাই দিয়া ভাত...
হয়তো যোৱাৰ পৰত পাহৰি যাম
তোমাক এবাৰ সাবটি ধৰিবলে...
দৌৰি দৌৰি আঁতৰি যাম মই
তুমি চিঞৰি সুধিবা...
" পানী বটল ল'লি নে? "
" ছাটি লৈছা নে নাই? "
মইওঁ চিঞৰিয়েই ক'ম
" লৈছো লৈছো "
অথচ...উভটি নাচাম....
মা... মই কাইলৈ ধৰ্ষিতা হ'ম
বাট নাচাবা মোলে...
ওভটাৰ পৰত এন্ধাৰে গিলিব নিশাটি...
গোমা হৈ থাকিব আকাশ...
মা...দিনৰ মোৰ প্ৰিয় গছ বোৰ
ৰাতি হ'লেই দৈত্য হৈ পৰে...
নিজম পথটিত খৰকৈ খোজ দিম মই...
কাইলৈ মোক...
গধুৰ গধুৰ উশাহ এজাকে খেদিব...
মই দৌৰিম... উজুতিও খাম...
আৰু হঠাতেই মই চুচৰি যাম...
জোনাক নেদেখা এন্ধাৰৰ মাজলৈ...
ভয়ত জিভাখন শুকাব মোৰ..
মা...তুমি দিয়া পানী বটল
ৰাস্তাতেই পৰি ৰ'ব...
তোমালে বৰ মনত পৰিব মা..!!
কাপোৰবোৰ হেৰাই যাব মোৰ
কোনোবাই মোক চেলেকিব...
খামুচিব..কামুৰিব..খুচিব..
মোৰ চিঞৰ কোনেওঁ নুশুনিব..
কোনোবাই মদৰ বটল এটি
মোৰ মুৰত ভাঙিব...
কোনোবাই মোৰ ডিঙিটো ৰেপিব
চোকা অস্ত্ৰৰে....
মই ঢলি যাম...
তোমালে বৰ মনত পৰিব....
তুমি যেতিয়া মোক দেখিবা
তুমি কিন্তু নাকান্দিবা...
মোৰ মৃত দেহটি চট্ফটাব বিষত...
মা... মই কাইলৈ ধৰ্ষিতা হ'ম
তুমি মোলে বাট নাচাবা.....।
✍ডলী নাথ , নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ