বতাহ জাকে,
উৰুৱাই নিয়ে
শৰতৰ ফুল,
উৰুৱাই নিয়ে
শৰতৰ ফুল ॥
চিপ্ চিপ্ চিপ্ চিপ্
বৰষুণে ..
ধুই নিলে
ধূসৰ ধূলি
ধুই নিয়ে
ধূসৰ ধূলি...॥
ৰিব্ ৰিব্
মলয়াই কথা পাতে,
কঁহুৱা ফুলৰ
আঁৰে আঁৰে ,
কঁহুৱা ফুলৰ
আঁৰে আঁৰে...॥
টোপ্ টোপ্ টোপ্ টােপ্
নিয়ৰ সৰে
আহিনৰ বতৰা দিয়ে
কাণে কাণে,
আহিনৰ বতৰা কয়
কাণে কাণে...॥॥
📝মীনা পামে গাম
চিপাঝাৰ, দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ